আজি বিশ্ব স্বাস্থ্য দিৱস

0

কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতাই হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা । জাতি, ধৰ্ম, ৰাজনৈতিক বিশ্বাস, অর্থনৈতিক বা সামাজিক অৱস্থাৰ পাৰ্থক্য নোহোৱাকৈ প্ৰতিজন মানুহৰ অন্যতম মৌলিক অধিকাৰ হৈছে উচ্চতম লাভযোগ্য স্বাস্থ্যৰ ভোগ।

আজি ৭ এপ্ৰিল, বিশ্ব স্বাস্থ্য দিৱস। এই দিৱস উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰা উন্নয়নকাৰী সংস্থাসমূহে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। সমগ্ৰ বিশ্বজুৰি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় । বিশ্ব স্বাস্থ্য দিৱসৰ এইবাৰৰ থিম হৈছে ‘জন্ম সুৰক্ষিত হওক, ভৱিষ্যত উজ্জ্বল হওক’। বিশ্ব স্বাস্থ্য দিৱসৰ মূল উদ্দেশ্য হৈছে বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰা স্বাস্থ্য সম্পৰ্কীয় এক বিশেষ বিষয়বস্তুৰ জৰিয়তে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰা ।

Leave A Reply

Your email address will not be published.