দেশৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন হোৱাৰ আশংকা উত্তৰ-পূৱ ভাৰতৰ
বাংলাদেশৰ লালমণিৰহাট জিলাত চীনৰ বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা বিয়পি পৰাৰ লগতেই চিকেনছ নেক এলেকাকে ধৰি ইয়াৰ পূব সীমান্তৰ বাবে নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হৈছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণৰ সময়ত এই বিমানবন্দৰৰ প্ৰস্তাৱ উত্থাপন কৰিছিল । ভাৰতৰ পূব চুবুৰীত এতিয়ালৈকে চীনৰ বায়ুসেনাৰ কোনো যুদ্ধ বিমান সংস্থাপন কৰা হোৱা নাই যদিও এনে যিকোনো প্ৰস্তাৱে ভাৰতত গুৰুতৰ নিৰাপত্তাজনিত প্ৰভাৱ পেলাব । এই বিমানঘাটি নিৰ্মানৰ বাবে বাংলাদেশে চীনক মাটি দিয়াৰ সিদ্ধান্ত লৈছে ।
পশ্চিম বংগৰ জলপাইগুৰি আৰু কোচবিহাৰ জিলাৰ ওচৰত উত্তৰ-পশ্চিম বাংলাদেশত অৱস্থিত লালমণিৰহাট। ভৌগোলিকভাৱে এই অঞ্চলৰ ওচৰতেই আছে চিকেনছ নেক। উত্তৰ-পূবৰ ৰাজ্যসমূহক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে এই চিকেনছ নেকে আৰু ইয়াৰ সীমাতেই নেপাল, বাংলাদেশ, ভূটান আৰু চীন অৱস্থিত। এই অঞ্চলত ভাৰতীয় সেনাবাহিনীৰ সবল উপস্থিতি দেখিবলৈ পোৱা যায় । এই চিকেন নেকি যদিহে কোনো আন ৰাষ্ট্ৰই অধিকাৰ কৰি লয়, তেন্তে দেশৰ মূল ভূখণ্ডৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিব । সেয়েহে লালমণিৰহাটত চীনৰ বিমান ঘাটি নিৰ্মাণৰ সিদ্ধান্তই চৰম ভাবুকি কঢ়িয়াই আনিছে উত্তৰ-পূব ভাৰতলৈ ।