ভাৰতৰে বিদেশলৈ বাংলাদেশী সামগ্ৰী ৰপ্তানিত বাধা, বিপদত বাংলাদেশ

0

যি সময়ত বাংলাদেশৰ ওপৰত ট্রাম্প প্রশাসনে ৩৭ শতাংশ শুল্ক আৰোপ কৰি দেশখনৰ অৰ্থনীতি কোঙা কৰি পেলাইছে, সেই সময়তে ভাৰতৰ কঠোৰ সিদ্ধান্তই আৰু অধিক কোঙা কৰি পেলাইছে বাংলাদেশক।বাংলাদেশৰ অন্তৰ্ৱতীকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণত যাওঁতে উত্তৰ পূৱ ভাৰতক লৈ কিছু আপত্তিকৰ মন্তব্য কৰে । তেওঁ উত্তৰ পূৱ ভাৰতক “লেণ্ড লক” অৰ্থাৎ ভূমি আৱদ্ধ অঞ্চল বুলি উল্লেখ কৰাৰ কিছু দিন পিছতেই এতিয়া বাংলাদেশৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ সাজু হৈছে ভাৰত চৰকাৰ । এক কথাত ক’বলৈ গ’লে বাংলাদেশৰ বিৰুদ্ধে বাণিজ্যিক যুজঁৰ পাতনি মেলিছে ভাৰতে । কিয়নো এতিয়াৰে পৰা বাংলাদেশে ভাৰতৰ মাজেৰে অন্য দেশলৈ বেপাৰ বাণিজ্য চলাব নোৱাৰিব । অৰ্থাৎ ভাৰতৰ মাজেদি কোনো বাংলাদেশী সামগ্ৰীৰ ৰপ্তানি এতিয়াৰে পৰা সম্ভৱ নহ’ব । মঙলবাৰে কেন্দ্ৰীয় কৰ আৰু শুল্ক ব’ৰ্ডে জাৰি কৰা এক অধিসূচনা অনুসৰি এই পদক্ষেপে ভূটান, নেপাল আৰু ম্যানমাৰৰ সৈতে বাংলাদেশৰ বাণিজ্যত ব্যাঘাত জন্মাব । চিকেন নেকি হৈ বাংলাদেশে নেপাল, ভূটান আৰু ম্যানমাৰলৈ কোনো সামগ্ৰী প্ৰেৰণ কৰিব নোৱাৰিব । আনকি দিল্লী আন্তৰ্জাতিক বিমান বন্দৰেদিও আন কোনো দেশলৈ বাংলাদেশে কোনোধৰণৰ সামগ্ৰী প্ৰেৰণ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

উল্লেখযোগ্য যে ভাৰতে ২০২০ চনৰ ২৯ জুনত বাংলাদেশক ভাৰতৰ ভূমি ব্যৱহাৰ কৰি ট্রেন্সশিপমেন্ট অনুমতি লাভ কৰিছিল । ইয়াৰ জৰিয়তে বাংলাদেশে নেপাল, ভুটান আৰু ম্যানমাৰলৈ সামগ্ৰী প্ৰেৰণ কৰাৰ সুবিধা কৰিছিল। ইয়াৰ উপৰিও নতুন দিল্লীৰ আন্তর্জাতিক বিমান বন্দৰেদি অন্য ৰাষ্ট্ৰলৈ সামগ্রী প্ৰেৰণৰ সুবিধাও লাভ কৰে বাংলাদেশে। অৱশ্যে ভাৰতীয় শুল্ক আৰু কৰ ব’ৰ্ডে জাৰি কৰা এই নিৰ্দেশনাৰ পাচত বাংলাদেশে ভাৰতীয় কোনো বিমান বন্দৰ বা নৌ বন্দৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

Leave A Reply

Your email address will not be published.