সেৱা আচৰণ উলংঘা কৰাৰ অভিযোগত চাকৰি হেৰুৱালে জোৱান মুনীৰ আহমেদে

0

পহলগাম আক্ৰমণৰ পিছৰ পৰাই ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বিৰাজমান হৈ পৰিছে। সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ভাৰত-পাকিস্তানৰ সীমান্ত। ভাৰতলৈ অহা বা ভাৰতত থকা পাকিস্তানী নাগৰিকসকলক ঘূৰি যাবলৈ নিৰ্দেশনাও প্ৰদান কৰা হৈছে । কিন্তু তাৰ মাজতেই পোহৰলৈ আহিছে অন্য এক কাহিনী । পাকিস্তান আৰু ভাৰতৰ মাজত বৰ্তমান চলি থকা যুদ্ধ সদৃশ পৰিৱেশে বিপদত পেলাইছে এগৰাকী অৰ্ধসামৰিক বাহিনীৰ জোৱানক । মুনীৰ আহমেদ নামৰ জোৱান গৰাকীয়ে মিনাল খান নামৰ এগৰাকী পাকিস্তানী যুৱতীক গোপনে বিয়া পতাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই ইটোৰ পিছত সিটো বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে মুনীৰ আহমেদ ।

এগৰাকী পাকিস্তানী যুৱতীক এজন ভাৰতীয় জোৱানে গোপনে বিয়া কৰাটো সেৱা আচৰণ উলংঘা কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বিষয় । এই উদ্বেগ প্ৰকাশ কৰিয়ে জোৱানজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে সেনাই । জম্মু-কাশ্মীৰত নিয়োজিত মুনীৰ আহমেদক পাকিস্তানী নাগৰিকৰ সৈতে বিবাহ লুকুৱাই ৰখাৰ লগতে ভিছাৰ অবৈধতাৰ স্বত্তেও জানি-বুজি আশ্ৰয় দিয়াৰ বাবে তাৎক্ষণিকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । অৱশ্যে বিয়াৰ সন্দৰ্ভত নিজৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰিছে মুনীৰ আহমেদে ।
জানিব পৰা মতে মিনাল খানে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত হ্ৰস্বম্যাদী পৰ্যটন ভিছাৰে ভাৰতত প্ৰৱেশ কৰিছিল । এই ভিছাৰ ম্যাদ ২২ মাৰ্চত শেষ হৈছিল । ইফালে মুনীৰ আহমেদে মিনালৰ আগমন তথা ভিছাৰ অবৈধতাৰ কথাও চি আৰ পি এফক অৱগত কৰা নাছিল বুলি সেনা বিষয়াই জানিবলৈ দিয়ে । আনহাতে সেনা বিষয়াৰ সম্পূৰ্ণ ওলোটা ভাষ্য প্ৰদান কৰিছে জোৱান মুনীৰ আহমেদে । তেওঁ কয় যে- “মোৰ পত্নী আহি পোৱাৰ লগে লগে মই বেটেলিয়নক খবৰ দিছিলোঁ৷ পত্নীৰ ভিছাৰ কপিটোও ডেপুটি কমাণ্ডেণ্টলৈ পঠিয়াইছিলোঁ…আমি ২০২৫ চনৰ ৪ মাৰ্চত দীৰ্ঘম্যাদী ভিছাৰ বাবে আবেদন কৰিছিলোঁ ।“

উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৪১ নং বেটেলিয়নৰ কনিষ্টবল হিচাপে কৰ্তব্যৰত আছিল ভাৰতীয় সেনা জোৱান মুনীৰ আহমেদ। চি আৰ পি এফৰ তদন্তত প্ৰকাশ পাইছে যে আহমেদে ২০২৪ চনৰ ২৪ মে’ত হোৱাটছএপ ভিডিঅ’ কলৰ জৰিয়তে খানক বিয়া কৰাইছিল আৰু চি আৰ পি এফৰ পৰা পূৰ্বৰ অনুমোদন নোলোৱাকৈয়ে তেওঁ মিনাল খানক বিয়া কৰাইছিল । কিন্তু চাকৰীৰ পৰা বৰ্খাস্ত হোৱা কাৰ্যক ভুল আৰু অন্যায় বুলি মন্তব্য কৰিছে জোৱানগৰাকীয়ে ।

Leave A Reply

Your email address will not be published.