অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পী ড°ভূপেন হাজৰিকা ।
আজি অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ গায়ক সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ ৯৮ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ মহান কৰ্মৰাজি সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ গুণমুগ্ধসকলে তেওঁৰ কৰ্মৰাজিৰ গীত আৰু কথাৰে স্মৰণ কৰে। অসমীয়া সংগীত জগতত হাজাৰ হাজাৰ গীতৰ জৰিয়তে তেওঁ আজিও জীয়াই আছে প্ৰতিজন সংগীত প্ৰেমীৰ মাজত। ড° ভূপেন হাজৰিকা অসমৰ প্ৰত্যেকজন যুৱ প্ৰজন্মৰ কাৰণে আছিল প্ৰেৰণাৰ উৎস ৷ তেওঁ আছিল একাধাৰে কবি,গীতিকাৰ,সুৰকাৰ,সংগীতজ্ঞ,গায়ক আৰু ছবি নিৰ্মাতাৰ লগতে বহু গুণৰ অধিকাৰী ৷অসমীয়া সংস্কৃতিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল এইজন মহান মনিষীয়ে ৷ সমাজলৈ আগবঢ়োৱা বহু অৱদানৰ কাৰণে ড° ভূপেন হাজৰিকাক ৰাষ্ট্ৰীয় সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক বটাঁ,সংগীত নাটক একাডেমী পুৰস্কাৰ,পদ্মশ্ৰী, পদ্মভূষণ,দাদা চাহেব ফাল্কে এৱাৰ্ড, আদি পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল। সংগীত জগতত আগবঢ়োৱা মহান অৱদানৰ বাবে ভাৰত চৰকাৰে দেশৰ সৰ্বশ্ৰেষ্ঠ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰে ড° ভূপেন হাজৰিকাক ৷ৰাজ্য চৰকাৰেও অসম গৌৰৱ এইজনা মহান মনীষীৰ সৃষ্টিৰাজিক সুঁৱৰি জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত আজি পালন কৰিছে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মদিন লগতে ভূপেনদাৰ জন্মদিনটো ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্ট আৰু কলাক্ষেত্ৰ সমাজে সমন্বয় দিৱস হিচাপে পালন কৰিব মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।আজি পুৱা ১০ বজাৰ পৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আনহাতে দীঘলী পুখুৰীৰ পাৰতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ প্ৰতি মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জন্মদিৱস পালন কৰা হৈছে।