আজি বিশ্ব গঁড় দিৱস ।

0

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমে খ্যাতি লাভ কৰাৰ অন্যতম কাৰণ হৈছে এশিঙীয়া গড় । কিয়নো এশিঙীয়া গঁড় কেৱল অসমতেই পোৱা যায় । এশিঙীয়া গড় হৈছে অসমৰ গৌৰৱ ।

আজি বিশ্ব গঁড় দিৱস । সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব গঁড় দিৱসৰ । এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে গঁড়ৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু মানুহক গড় সংৰক্ষণ কৰাৰ বাবে উৎসাহিত কৰা। মূলতঃ মানুহক গঁড়ৰ বিষয়ে সজাগ আৰু শিক্ষা দিবলৈ এই দিৱস পালন কৰা হয়। বিশ্ব গঁড় দিৱস প্ৰথমবাৰৰ বাবে ২০১০ চনত WWF (World Wide Fund for Nature)-দক্ষিণ আফ্ৰিকাই ঘোষণা কৰিছিল । পৰৱৰ্তী সময়ত, বিশ্ব গঁড় দিৱস এক আন্তৰ্জাতিক সফলতালৈ পৰিণত হয় ।

অসম চৰকাৰৰ এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ১৯৬০ চনত অসমত গঁড়ৰ সংখ্যা প্ৰায় ৬০০ আছিল । কিন্তু বৰ্তমান সময়ত গঁড়ৰ সংখ্যা প্ৰায় ৩০০০ লৈ বৃদ্ধি পাইছে । এই ক্ষেত্ৰত বন্যপ্ৰাণীৰ বিচৰণস্থলী সমূহৰ স্থানীয় লোক তথা বনকৰ্মীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ । সমগ্ৰ দেশৰ ভিতৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৮০ শতাংশ গঁড়ৰ বিচৰণ ভূমি হিচাপে চিহ্নিত হৈছে ।

ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় গঁড় ফাউণ্ডেচনৰ দৰে সংস্থাৰ সহযোগত ভাৰতীয় গঁড়ৰ দৃষ্টিভংগী ২.০ (IRV২.0) কৌশলৰ ওপৰত সক্ৰিয়ভাৱে কাম কৰি আছে ৷ জীৱিত গঁড়ৰ জনসংখ্যা সুৰক্ষিত আৰু বৃদ্ধি কৰিবৰ বাবে এই পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰে ৷ এই পদক্ষেপৰ লক্ষ্য হৈছে অসমত ২০৩০ চনৰ ভিতৰত গঁড়ৰ সংখ্যা ৪,৫০০-৫,০০০ পৰ্যন্ত বৃদ্ধি কৰা ৷

আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে কাজিৰঙাত উদযাপন কৰা হৈছে বিশ্ব গঁড় দিৱস ৷ কাজিৰঙাত গঁড়ৰ প্ৰতীকি লৈ শোভাযাত্ৰা অনুষ্ঠিত কৰা হৈছে । শোভাযাত্ৰাৰ মাজে মাজে গঁড় সম্বন্ধীয় সজাগতা, গীত-মাত, আলেখ্য তথা সংগীতানুষ্ঠেনেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হৈছে ৷ বিয়লি ৩-০০বজাৰ পৰা কেন্দ্ৰীয়ভাৱে কহঁৰাৰ শতৱৰ্ষ উদযাপন কেন্দ্ৰত আয়োজন কৰা হৈছে বিশ্ব গঁড় দিৱস ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷

Leave A Reply

Your email address will not be published.