দুৰ্গা পূজা উপলক্ষে গুৱাহাটী পৌৰনিগমৰ স্বচ্ছ প্ৰতিযোগিতা
সমাগত শাৰদীয় দুৰ্গা পূজা । দুৰ্গা পূজাকলৈ গুৱাহাটী পৌৰনিগমে আয়োজন কৰিছে স্বচ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পূজা সমিতিয়ে কৰিব লাগিব আৱেদন। এই প্ৰতিযোগিতাত ১৭৫ খন দূৰ্গা পূজা সমিতিক প্ৰদান কৰা হ’ব পুৰষ্কাৰ ।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দূৰ্গাপূজা মণ্ডপসমুহলৈ গুৱাহাটী পৌৰসভাই বান্ধি দিছে কেইবাটাও নীতি-নিয়ম । এই প্ৰতিযোগিতাত প্লাষ্টিক বৰ্জন আৰু জাৱৰ নিষ্কাষণৰ ক্ষেত্ৰত থাকিব বিশেষ নিয়ম । ইয়াৰ বাবে প্ৰতিটো ৱাৰ্ডতে গঠন কৰা হৈছে একোখনকৈ সমিতি । এই সমিতি সমূহত থাকিব কাউন্সিলাৰৰ পৰা পৌৰসভাৰ কাৰ্য্যবাহী অভিযন্তালৈ । প্ৰতিযোগিতাৰ পূজা সমিতিসমুহক নম্বৰৰ ভিত্তিত প্ৰদান কৰা হ’ব পুৰস্কাৰ।
পূজা সমিতি সমহলৈ প্ৰদান কৰা পুৰষ্কাৰ সমুহ এনেধৰনৰ-
প্ৰথম পুৰস্কাৰ ২৫খন দূৰ্গা পূজা সমিতিলৈ ১০ হাজাৰকৈ টকা, দ্বিতীয় পুৰস্কাৰ ৫০ খন দূৰ্গা পূজা সমিতিলৈ ৭ হাজাৰকৈ টকা আৰু তৃতীয় পুৰস্কাৰ ১০০ খন পূজা সমিতিলৈ ৫ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব । পূজা সমিতিসমূহৰ লগতে জাৱৰ উঠোৱা NGO সমূহকো প্ৰদান কৰা হ’ব পুৰস্কাৰ । তেওঁলোকৰ জাৱৰ উঠোৱাৰ ক্ষেত্ৰত পৰিপাতিৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত প্ৰদান কৰা হ’ব পুৰস্কাৰ। এই NGO সমূহৰ প্ৰথম পুৰস্কাৰ হিচাপে প্ৰদান কৰিব ১ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৭৫ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰত থাকিব ৫০ হাজাৰ টকা ।
আনহাতে এই প্ৰতিযোগিতা দূৰ্গা পূজাৰ পৰা আৰম্ভ কৰি ২০২৫ৰ জানুৱাৰী মাহলৈ স্বচ্ছতাৰ ক্ষেত্ৰত ৱাৰ্ড সকলৰ মাজতো অনুষ্ঠিত হ’ব প্ৰতিযোগিতা। ৱাৰ্ড বোৰৰ চাফ-চিকুনতাৰ বাবেও প্ৰদান কৰা হ’ব পুৰষ্কাৰ। ৱাৰ্ডৰ ক্ষেত্ৰত উন্নয়ন পুজি হিচাপে প্ৰথম পুৰস্কাৰত ১০ লাখ টকা, দ্বিতীয় পুৰস্কাৰত থাকিব ৭ লাখ টকা আৰু তৃতীয় পুৰস্কাৰত থাকিব ৫ লাখ টকা ।
এই কথা সদৰি কৰে গুৱাহাটী পৌৰনিগমৰ পৌৰপতি মৃগেন শৰণীয়াই।