তৃণমূল কংগ্ৰেছত যোগদান দুলু আহমেদৰ
অসম জাতীয় পৰিষদৰ প্ৰাক্তন উপ সভাপতি দুলু আহমেদে তৃণমূল কংগ্ৰেছত যোগদান কৰে । কলকতাৰ তৃণমূল ভৱনত অসমৰ ৰাজ্যিক প্ৰভাৰী মলয় ঘটক আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত আনুষ্ঠানিকভাৱে সোমবাৰে অসম তৃণমূল কংগ্ৰেছ দলত যোগদান দুলু আহমেদৰ। দুলু আহমেদৰ লগতে শিশিৰ দেৱ কলিতা, সঞ্জীৱ মহন্ত আৰু বহু নেতা কৰ্মীয়ে কলিকতাৰ তৃণমূল ভৱনত তৃণমূল কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে দুলু আহমেদৰ দৰে এগৰাকী বাকপটু নেতাক অসম তৃণমূল কংগ্ৰেছত পাই আনন্দিত অনুভৱ কৰে।
আনহাতে দলটোত যোগদান কৰাৰ পাছতে সামাজিক মাধ্যমত পৰিচয় ও সলনি কৰে দুলু আহমেদে । এসময়ত কংগ্ৰেছ আৰু পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদৰ ফটো ফেচবুক একাউণ্টৰ কভাৰ ফটো হিচাপে ব্যৱহাৰ কৰা দুলু আহমেদে সোমবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতে ফেচবুকত তৃণমূল কংগ্ৰেছৰ ল’গ’ কভাৰ ফটো হিচাপে আপলোড কৰে।
আনফালে দুলু আহমেদৰ ফেচবুক একাউণ্টৰ কভাৰ ফটোক লৈ বিভিন্ন জনে সামাজিক মাধ্যমত তেওঁক কটাক্ষ কৰিছে।