পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ

0

পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক তথ্য ।

২০২৪ৰ পেৰিছ অলিম্পিকৰ সময়ছোৱাত সৰ্বত্ৰ চৰ্চাত থকা এটি নাম হ’ল ইমানে খালিফ । ইমানে অলিম্পিকত খেলিবলৈ যোগ্যতা লাভ কৰাৰ ক্ষেত্ৰত বহুতো প্ৰশ্নৰ উত্থাপন হৈছিল । আনকি ২০২৩ বৰ্ষত নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকৰ যুঁজত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰতো ইমানে খালিফক আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু পিছলৈ  আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই খেলুৱৈ গৰাকীক অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। অৱশ্যে পেৰিছ অলিম্পিকৰ ৬৬ কেজিৰ শাখাত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈ গৰাকী ।

কিন্তু শেহতীয়াকৈ পুনৰ চৰ্চা লৈ আহিছে বক্সাৰ গৰাকী । কিয়নো এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ইমানে এগৰাকী মহিলা নহয়, আচলতে তেওঁ এজন পুৰুষ হে ।  তথ্য অনুসৰি ইমানেৰ শৰীৰত আভ্যন্তৰীণ অণ্ডকোষ আৰু XY ক্ৰমজমৰ অৱস্থিতি ধৰা পৰিছে । আনকি এম আৰু আইৰ প্ৰতিবেদনত তেওঁৰ শৰীৰত জৰায়ুৰ অনুপস্থিতি তথা  মাইক্ৰ’পেনিছৰ উপস্থিতিৰ কথাও প্ৰকাশ পাইছে । ইমানে খালিফৰ লিংগক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ।

অৱশ্যে পুৰুষ হিচাপে পৰিগণিত হোৱাৰ পিছত ইমানেৰ অলিম্পিক মেডেল কৰ্তন হ’ব নে বাহাল থাকিব সেইয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয় ।

Leave A Reply

Your email address will not be published.