আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী । তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৩ টা বছৰ সম্পূৰ্ণ হ’ল। অসম আৰু অসমীয়াই ১৩ বছৰ পাৰ কৰিলে প্ৰিয় শিল্পীজনৰ অবিহনে । দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক। সুধাকণ্ঠ ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁ আজীৱন থাকিব অসমীয়াৰ সত্বাত।
ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত। তেখেতৰ ১০ জন ভাই-ভনীৰ ভিতৰত তেঁও জ্যেষ্ঠ আছিল। তেওঁ তেখেতৰ মাতৃৰ পৰাই গান গোৱাৰ দক্ষতা লাভ কৰিছিল যিয়ে তেওঁক অসমৰ লোক সংগীতৰ সৈতে পৰিচয় কৰাই দিছিল। শৈশৱৰ দিনৰ পৰাই সুধাকণ্ঠই সংগীতৰ সাধনা কৰিছিল। বহু-প্ৰতিভাশালী ভূপেনদা মূলতঃ এজন সংগীতজ্ঞ-গীতিকাৰ আৰু গায়ক আছিল, তেওঁ হিন্দী আৰু বঙালী ভাষাতো বহুতো বিখ্যাত গান উপহাৰ দি থৈ গৈছে। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰ পৰিচিত নাম যিয়ে কেৱল শ শ চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰাই নহয়, বহুতো গানত নিজৰ কণ্ঠৰ যাদু বিয়পাইছিল। ভূপেন হাজৰিকাই বিশিষ্ট গায়ক, সংগীতকাৰ কিশোৰ কুমাৰ, লতা মংগেশকাৰৰ সৈতেও গীত গাইছিল। তেওঁ ‘দিল হুম হুম কৰে’ শীৰ্ষৰ হিন্দী ভাষাৰ এই গীতত কণ্ঠদান দিছিল। ‘পক্ষীৰাজ ঘোঁৰা’ শীৰ্ষক অসমীয়া গীতটিত কিশোৰ কুমাৰ, ভূপেন হাজৰিকা আৰু আশা ভোষলেই কণ্ঠদান কৰিছিল।
ড৹ ভূপেন হাজৰিকাক ১৯৭৫ চনত ৰাষ্ট্ৰীয় বঁটা, ১৯৭৭ চনত পদ্মশ্ৰী বঁটা আৰু ১৯৯২ চনত সংগীতৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে তেওঁক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা ‘দাদা চাহেব ফালকে বঁটা’ প্ৰদান কৰা হৈছিল। তেওঁক ২০০৯ চনত ‘অসম ৰত্ন’, ২০১২ চনত মৰণোত্তৰভাৱে ভাৰতৰ চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান ‘পদ্মবিভূষণ’ আৰু ২০১৯ চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ৰে সন্মানিত কৰা হৈছিল। অসংখ্য কালজয়ী গীত আমাক দি থৈ যোৱা ভূপেন হাজৰিকা আমাৰ মাজত সদায় জীয়াই থাকিব।
ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৮৫ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ৫ নৱেম্বৰ, ২০১১ তাৰিখে মৃত্যু হয়।