IPL 2025ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া
চৌদি আৰৱৰ জেদ্দাহত নৱেম্বৰ ২৪ আৰু ২৫ তাৰিখে ২০২৫ চনৰ আই পি এলৰ নিলাম অনুষ্ঠিত হ’ব । দ্বিতীয় বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হ’বলৈ গৈ আছে আই পি এলৰ নিলাম অনুস্থান । ইয়াৰ পূৰ্বে ২০২৪ চনত ডুবাইত অনুষ্ঠিত হৈছিল আই পি এলৰ নিলাম । অৱশ্যে নিলামিৰ আৰম্ভণিৰ সঠিক সময় এতিয়ালৈ নিৰ্ধাৰণ কৰা হোৱা নাই । ২০২৫ ৰ এই নিলামক মেগা নিলাম আখ্যা দিয়া হৈছে ।
ইতিমধ্যে ২০২৫ ৰ মেগা নিলামৰ বাবে ১৫৭৪ জন খেলুৱৈয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে । ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত ঋষভ পণ্ট, কে এল ৰাহুল, শ্ৰেয়চ আয়াৰ, ঈশান কিশন, অশ্বিন, য়ুজৱেন্দ্ৰ চহল, মহম্মদ শ্বামী, হৰচল পেটেল, অৰ্শদ্বীপ সিং, খলিল আহমেদকে ধৰি বহুকেইজন প্ৰসিদ্ধ খেলুৱৈ । আনহাতে অন্য দেশৰ খেলুৱৈ ভিতৰত আছে ডেভিদ ৱাৰ্ণাৰ, জছ ৱাটলাৰ, মিটচেল ষ্টাৰ্ক, গ্লেন মেক্সৱেল, ফাফ ডু’ প্লেছি, কাগিছ’ ৰাৱাড়া, ডেভিদ মিলাৰ, ডেৱন কনৱে, টিম ডেভিদ, ৰচিন ৰবীন্দ্ৰ, কুইণ্টন ডি ক’ক, মাৰ্কাছ ষ্টইনিছ, চেম কৰণ আদি খেলুৱৈ ।
প্ৰতিটো দলৰেই মুঠ পাৰ্চ ১২০ কোটি টকা যদিও তাৰ কিছু অংশ ইতিমধ্যে আই পি এল ২০২৫ৰ নিলামৰ পূৰ্বে খেলুৱৈক ৰাখিবৰ বাবে ব্যয় কৰা হৈছে। মেগা নিলামত খৰচ কৰিবলৈ পঞ্জাব কিংছৰ হাতত আছে সৰ্বাধিক – ১১০.৫ কোটি টকা, তাৰ পিছতে আছে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ হাতত ৮৩ কোটি টকা, দিল্লী কেপিটেলছৰ ৭৩ কোটি টকা, গুজৰাট টাইটানছ ৬৯ কোটি টকা, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৬৯ কোটি টকা, চেন্নাই ছুপাৰ কিংছ ৫৫ কোটি টকা, কলকাতা নাইট ৰাইডাৰছ ৫১ কোটি টকা, মুম্বাই ইণ্ডিয়ানছ ৪৫ কোটি টকা, ছানৰাইজাৰ্ছ হায়দৰাবাদ ৪৫ কোটি টকা, আৰু ৰাজস্থান ৰয়েলছৰ হাতত আছে ৪১ কোটি টকা।
প্ৰতিটো দলত সৰ্বাধিক আঠজন বহিঃৰাজ্যৰ খেলুৱৈ থাকিব পাৰে । গতিকে নিলামত বহিঃৰাজ্যৰ খেলুৱৈৰ বাবে ৭০টা স্থান আছে। ইয়াৰ ভিতৰত CSK ৰ আছে ২০ টা স্থান, RCB ৰ আছে ২২টা স্থান, SRHৰ আছে ২০টা স্থান, MI ৰ আছে ২০টা স্থান, DC ৰ আছে ২১টা স্থান, RRৰ আছে ১৯টা স্থান, PBKS ৰ আছে ২৩টা স্থান, KKRৰ আছে ১৯টা স্থান, GT ৰ আছে ২০টা স্থান, LSG ৰ আছে ২০টা স্থান।