সলনি হ’ল “লাপাটা লেডিজ”ৰ নাম

0

বক্স অফিচত সফল ন’হলেও মুক্তি লাভৰ পিছতেই অ’টিটিত বিশেষভাৱে জনপ্ৰিয় হৈছিল আমিৰ খানৰ প্ৰযোজনাত আৰু কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত  ‘লাপতা লেডিজ’ ছবিখনে । দৰ্শকৰ হৃদয় জয় কৰা ‘লাপতা লেডিজ’ ছবিখনে ভাৰতৰ পৰা অস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। এই ছবিখনে সৰু কাহিনী, ফলপ্ৰসূ সংলাপ আৰু নবীন অভিনেতাৰ অভিনয়ে বিশেষ জনপ্রিয়তা লাভ কৰিছে। অস্কাৰৰ সন্মানীয় অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ‘লাপতা লেডিজ’। ছবিখনৰ নাম ‘লাপতা লেডিজ’ৰ সলনি ‘লষ্ট লেডিজ’ৰূপে পৰিৱর্তিত কৰা হৈছে। ছবিখনৰ নতুন পোষ্টাৰ মুকলি কৰা হৈছে। ছবিখনৰ প্ৰচাৰ অভিযান নিউয়ৰ্ক চহৰত অনুষ্ঠিত হয়। নিউয়ৰ্কত প্ৰতিষ্ঠিত বিখ্যাত চেফ বিকাশ খান্নাই অনুষ্ঠানটোৰ আয়োজন কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নিতংশী গোৱাল, প্ৰতিভা ৰন্ত, স্পৰ্শ শ্ৰীবাস্তৱ আৰু ৰবি কিষানে।

ছবিখনৰ নতুন নাম ‘লষ্ট লেডিজ’ হিচাপে অস্কাৰৰ বাবে দাখিল কৰা হৈছে। অস্কাৰ প্ৰচাৰৰ পূৰ্বে আমিৰ খান আৰু কিৰণ ৰাওৱে ছবিখনৰ শিৰোনামত এটা পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে । আমিৰৰ প্ৰডাকচন হাউছৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে ঘোষণা কৰে যে তেওঁলোকে ছবিখনৰ বিশ্বজুৰি প্ৰচাৰৰ বাবে ‘লাপাটা লেডিজ’ নাম সলনি কৰি ‘লষ্ট লেডিজ’ কৰিছে। ২০২৫ চনৰ অস্কাৰৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্ৰি হৈছে লাপাটা লেডিজ। কিৰণ ৰাওৰ ৰচনা আৰু পৰিচালিত নাৰীকেন্দ্ৰিক চিনেমাখনৰ কাহিনী ভাৰতৰ এক বিৰল পৰিঘটনা । সত্য কাহিনীৰ আধাৰত নিৰ্মিত নহলেও, বাস্তৱ জীৱনৰ পৰিঘটনাৰ পৰা অনুপ্ৰাণিত এই ছবিখন।

Leave A Reply

Your email address will not be published.