শীতকালত আপোনাৰ ছালখনক সুৰক্ষিত কৰি ৰাখক

0

শীতকালে আপোনাৰ ছালখনক সমস্যাত পেলাব পাৰে, কিয়নো ঠাণ্ডা, শুকান বতাহৰ ফলত আপোনাৰ আপোনাৰ ছালৰ উজ্জলতা নোহোৱা হ’ব পাৰে আৰু আপোনাৰ ছালখন শুকান হৈও পৰিব পাৰে । ঠাণ্ডা দিনত আপোনাৰ ছালখন মসৃণ আৰু সুৰক্ষিত কৰাত সহায়ক হোৱাকৈ কিছুমান টিপছ দিয়া হ’ল:

ছালখন ভিতৰৰ পৰা হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ছালৰ পৰা নিৰ্গত হোৱা প্ৰাকৃতিক তেল আঁতৰাই পেলোৱা চাবোন ব্যৱহাৰ নকৰিব। মুখ আৰু শৰীৰ ধুবলৈ হাইড্ৰেটিং, সুগন্ধিমুক্ত ক্লিনজাৰ ব্যৱহাৰ কৰক। সপ্তাহত ১-২ বাৰ কোমল স্ক্ৰাব বা এক্সফোলিয়েটিং এচিড (যেনে AHA বা BHA) দ্বাৰা এক্সফোলিয়েট কৰক। ইয়াৰ ফলত ছালৰ মৃত কোষবোৰ আঁতৰোৱাত সহায় হ’ব আৰু ছালৰ পৃষ্ঠভাগ মসৃণ হয়। অতিমাত্ৰা এক্সফোলিয়েটিং নকৰিব, কিয়নো ইয়াৰ ফলত ছালখন অতিমাত্ৰা শুকাই যাব পাৰে। যদিহে আপোনাৰ ছালখন বিশেষভাৱে শুকান অনুভৱ হয়, তেন্তে অতিৰিক্ত হাইড্ৰেচনৰ বাবে আপোনাৰ মইশ্ব’ৰাইজাৰৰ পিছত পুষ্টিকৰ ফেচিয়েল অইল যোগ কৰাৰ কথা চিন্তা কৰক।

অৱশ্যে শীতকালতো ছানস্ক্ৰীণ এৰিব নালাগে। সূৰ্য্যৰ UV ৰশ্মিয়ে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে । মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰাৰ আগতে হাইড্ৰেটিং ছিৰাম ব্যৱহাৰ কৰা আৰম্ভ কৰক। ই ছালৰ আৰ্দ্ৰতা বৃদ্ধি কৰাত সহায় কৰে আৰু আপোনাৰ ছালখন কোমল কৰি ৰাখে।

গৰম পানীয়ে আপোনাৰ ছালৰ পৰা ইয়াৰ প্ৰাকৃতিক তেল আঁতৰাই পেলাব পাৰে। ইয়াৰ পৰিৱৰ্তে কুহুমীয়া পানী ব্যৱহাৰ কৰক আৰু ছালৰ পৰা পানী শুকাই যোৱাৰ লগে লগে মইশ্ব’ৰাইজাৰ লগাওক। হাত, ওঁঠ, মুখখন ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ গ্লভছ আৰু স্কাৰ্ফ পিন্ধক। শোৱাৰ আগতে হাইড্ৰেটিং অভাৰনাইট মাস্ক বা ডাঠ ক্ৰীম প্ৰয়োগ কৰক, এনে কৰিলে আপোনাৰ ছালৰ আৰ্দ্ৰতা বৃদ্ধি পাব।

উপৰোক্ত পদক্ষেপসমূহ অনুসৰণ কৰিলে আপুনি গোটেই শীতকালত আপোনাৰ ছালখন কোমল আৰু মসৃণ কৰি ৰাখিব পাৰিব।

Leave A Reply

Your email address will not be published.