চুলিৰ যতনত বনৌষধিৰ উপকাৰিতা
বনৌষধিসমূহ হ’ল প্ৰাকৃতিকভাৱে পুষ্টিকৰ, শক্তিশালী আৰু পুনৰুদ্ধাৰকাৰী গুণ থকা উপাদান । এই গুণসমূহৰ বাবে চুলিৰ যতন ল’বলৈ যুগ যুগ ধৰি বনৌষধি ব্যৱহাৰ কৰি থকা হৈছে। এই বনৌষধি সমূহৰ ব্যৱহাৰে আপোনাৰ চুলিকোচা মজবুত কৰি ৰাখে।
আমলাৰ উপকাৰিতা- আমলাত ভিটামিন চি, এন্টিঅক্সিডেন্ট, আৰু প্ৰয়োজনীয় ফেটি এচিড থাকে, যাৰ বাবে ই চুলিৰ বৃদ্ধি, চুলিৰ গুৰি শক্তিশালী কৰা, আৰু অকালতে ধূসৰ হোৱা ৰোধ কৰাত সহায় কৰে। আমলা পাউদাৰ ব্যৱহাৰ কৰি পানী বা নাৰিকল তেলৰ লগত মিহলাই চুলিৰ মাস্ক তৈয়াৰ কৰিব পাৰে। মূৰৰ ছাল আৰু চুলিত লগাই ২০-৩০ মিনিট ৰাখি তাৰ পিছত ধুই পেলাওক।
হেনাৰ উপকাৰিতা- হেনাই স্বাভাৱিকভাৱে চুলিক কণ্ডিচন কৰে, চুলিকোচা মজবুত কৰি ৰাখে আৰু চুলিৰ বৃদ্ধিত সহায় কৰে । হেনাই চুলিকোচাক প্ৰাকৃতিক ৰং প্ৰদান কৰে । ইয়াৰ উপৰিও ই চুলিৰ গুৰি শক্তিশালী কৰে, চুলি সৰা ৰোধ কৰে, আৰু চুলিকোচা জিলিকাই ৰাখে। হেনা গুড়ি গৰম পানীৰ লগত মিহলাই এটা পেষ্ট বনাই কেইঘণ্টামান থৈ দিয়ক। পেষ্টটো চুলিত লগাই ১-২ ঘণ্টা ৰাখিব, আৰু তাৰ পিছত ভালদৰে ধুই পেলাওক।
মিথিৰ উপকাৰিতা- মিথি গুটিত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু নিকোটিনিক এচিড থাকে, যিয়ে চুলি মজবুত কৰাত সহায় কৰে, উফি ৰোধ কৰে। মিথি গুটি ৰাতিটো তিয়াই ৰাখক । তাৰ পিছত মিথিখিনি এটা সুন্দৰ পেষ্ট বনাই লওক । এই পেষ্ট মূৰৰ ছাল আৰু চুলিত লগাওক। প্ৰায় ৩০-৪৫ মিনিটমান ৰাখি ধুই পেলাওক ।
তুলসীৰ উপকাৰিতা- তুলসীৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ আছে, যাৰ বাবে ই মূৰৰ ছালৰ উফি, খজুৱতি, সংক্ৰমণৰ দৰে সমস্যাৰ পৰা উপশম পাবলৈ তুলসী এক উপকাৰী উপাদান। ইয়াৰ উপৰিও ই ৰক্ত সঞ্চালন উন্নত কৰে আৰু চুলিৰ বৃদ্ধিত সহায় কৰে। কেইটামান সতেজ তুলসী পাত পানীত সিজাই ঠাণ্ডা হ’বলৈ দিব, আৰু সেই পানীখিনি ঠাণ্ডা হ’লে চুলি ধুবলৈ ব্যৱহাৰ কৰক। ইয়াৰ উপৰিও তুলসীৰ পেষ্ট বনাই মূৰৰ ছালত লগালে অতিৰিক্ত উপকাৰ পোৱা যায়।