আজি বিশ্ব শিশু দিৱস

0

প্ৰতি বছৰে ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয় । এই দিনটোত প্ৰতিটো শিশুৰ শিক্ষা, সুৰক্ষা, স্বাস্থ্য, সমতা আৰু বিশ্বজুৰি শিশুসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

শিশুসকলক লালন-পালন কৰা আৰু তেওঁলোকে লাভৱান হ’ব পৰাকৈ নিৰাপদ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন কাৰ্যসূচী, অনুষ্ঠান, অভিযানৰ জৰিয়তে বিশ্বজুৰি এই দিৱস পালন কৰা হয় ।

এই বৰ্ষৰ বিশ্ব শিশু দিৱসত শিশুৰ ভৱিষ্যতক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব পৰা বিষয় যেনে জলবায়ু পৰিৱৰ্তন, মানসিক স্বাস্থ্য, আৰু গুণগত শিক্ষাৰ সুবিধাৰ জটিল বিষয়সমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে । চৰকাৰ, সংগঠন আৰু সম্প্ৰদায়সমূহ সকলোতে একত্ৰিত হৈ শিশুসকলৰ বাবে উন্নত জীৱন-যাপনৰ পৰিস্থিতিৰ ব্যৱস্থা কৰাৰ উচিত যাতে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হয়।

এইবাৰৰ বিশ্ব শিশু দিৱসৰ আৰ্হি হৈছে “Listen to the future” .

গুৱাহাটী মহানগৰৰ পাণ বজাৰত UNICEF ৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত আয়োজন কৰা হৈছে বিশ্ব শিশু দিৱসৰ । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইয়ো সকলো শিশুলৈ বিশ্ব শিশু দিৱসৰ শুভেচ্ছা জনায় ।

Leave A Reply

Your email address will not be published.