আপোনাৰ শিশুটিক অতিমাত্ৰা মোবাইল ব্যৱহাৰৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব?
আজিৰ ডিজিটেল যুগত শিশুসকলক মোবাইলৰ পৰা আঁতৰাই ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান, কিন্তু সঠিক কৌশলৰ সহায়ত ইয়াক সম্ভৱ কৰি তুলিব পাৰি ।
দিনটোৰ ভিতৰত এনে এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক । বিকল্প কাৰ্য্যকলাপ আগবঢ়াওক
যিবোৰ কাৰ্য্যকলাপ মোবাইলৰ সৈতে জড়িত নহয়, যেনে বাহিৰৰ খেলা-ধূলা, কিতাপ পঢ়া । আকৰ্ষণীয় বিকল্প প্ৰদান কৰিলে আপোনাৰ শিশুৱে মোবাইল ব্যৱহাৰৰ পৰা আঁতৰি থাকিব।
আপোনাৰ সন্তানে প্ৰায় আপোনাক অনুসৰণ কৰে । যদি আপুনি অনবৰতে আপোনাৰ ফোনত থাকে ব্যস্ত থাকে, তেন্তে তেওঁলোকেও আপোনাৰ কাৰ্যকলাপ অনুসৰণ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানৰ ওচৰত আপুনি এক আদৰ্শ হিচাপে থিয় দিয়ক । আপোনাৰ ঘৰৰ কিছুমান বিশেষ অঞ্চল, যেনে ডাইনিং ৰুম বা বেডৰুম, টেক-ফ্ৰী জ’ন হিচাপে নিৰ্ধাৰণ কৰক। ইয়াৰ ফলত আপোনাৰ শিশুটি খাদ্যৰ খোৱাৰ সময়ত আৰু শুবলৈ যোৱাৰ সময়ত মোবাইল ব্যৱহাৰৰ পৰা অবিৰত থাকিব।
অভিভাৱক হিচাপে আপুনি আপোনাৰ সন্তানৰ ক্ষেত্ৰত কঠোৰ শাসন চলাব পাৰে । আপোনাৰ শিশুক নিয়ন্ত্ৰণ কৰিবলৈ
পৰ্দাৰ সময় পৰিচালনা কৰিবলৈ মোবাইল ব্যৱহাৰৰ সময় সীমিত কৰক । কোনো অনুপযুক্ত বিষয়বস্তুৰ প্ৰতি যাতে আপোনাৰ সন্তান আকৃষ্ট নহয়, তাৰ প্ৰতি চকু ৰাখক । আপোনাৰ শিশুৱে মোবাইলটো নিৰাপদ আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰক।
সঠিক সময় আৰু সঠিক ব্যৱহাৰেৰে আপুনি আপোনাৰ শিশুটিক প্ৰযুক্তিৰ সৈতে সুষম সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব পাৰে।