আজি চুকাফা দিৱস
আজি অসম দিৱস বা চুকাফা দিৱস । আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে । ১৯৮৭ চনৰ পৰা অসম চৰকাৰে বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ পৱিত্ৰ স্মৃতিত ২ ডিচেম্বৰ তাৰিখটো অসম দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোনত চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ ভৰি থৈছিল সৌমাৰ খণ্ডত। সৌমাৰপীঠৰ টিপামত বুঢ়ীদিহিঙেৰে উজাই আহি এখন স্বাধীন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ শুভাৰম্ভ কৰিছিল চুকাফাই। তাৰ পাছতেই বীৰত্ব আৰু বীচক্ষণতাৰে ৩৯ বছৰ ৪ মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য তথা বৰ অসমৰ পাতনি মেলিছিল চুকাফাই। বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে পালন কৰা হয়।
সাতৰাজ মাৰি এক ৰাজ কৰা ৰজা বোলা হয় চুকাফাক । ইয়াৰ অৰ্থ হৈছে চুকাফাই এক বৃহত্তৰ অসম গঢ়াৰ সপোন দেখিছিল আৰু সেয়া কৰিও দেখুৱাইছিল । এক কথাত ক’বলৈ হ’লে বৰ্তমানৰ অসমীয়া জাতিৰ বুনিয়াদ গঢ়িছিল চাওলুং চুকাফাই । এসময়ত বহুধা বিভক্ত তথা থানবান হৈ থকা বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি সবল অসমীয়া জাতিৰ সপোন সৌ তাহানিতে দেখিছিল চুকাফাই । চুকাফাই জাতি-জনগোষ্ঠীসমূহৰ মাজত বিভেদৰ বীজ ৰোপণৰ বিপৰীতে এক সমন্বয়ৰ দৃষ্টান্ত গঢ়িছিল ।