BSFৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস
যোধপুৰত BSFৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস, পেৰেডত অংশগ্ৰহণ অমিত শ্বাহৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ যোধপুৰত বি এছ এফৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি জাতিৰ সেৱাত প্ৰাণ হেৰুৱা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শ্বাহে BSFৰ জোৱানসকলকো সম্বৰ্ধনা জনায়, যিয়ে হিজবুল মুজাহিদিনৰ তিনিজন সন্ত্ৰাসবাদীক এক অভিযানত হত্যা কৰিছিল। এই উপলক্ষে সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।তাৰ সমান্তৰালকৈ যোধপুৰৰ চাৰ্কিট হাউচত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে অমিত শ্বাহে। যোধপুৰৰ BSFৰ সীমান্ত মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে উদযাপন কৰা BSFদিৱসৰ পেৰেডৰ আয়োজন কৰা হৈছে, যিহেতু বি এছ এফৰ হীৰক জয়ন্তী বৰ্ষ।১৯৬৫ চনত বি এছ এফ প্ৰতিষ্ঠা হোৱাৰ পৰাই প্ৰতিষ্ঠা দিৱস আয়োজনৰ পৰম্পৰা অব্যাহত আছে।২০১৪ চনলৈকে এই পেৰেড দিল্লীত অনুষ্ঠিত হৈছিল।যাৰ পিছত, দেশৰ আন আন সীমান্তত ইয়াৰ আয়োজন কৰা হৈছে।