গুৱাহাটীত অসম গ্ৰন্থমেলা লাইখুঁটা স্থাপন
খানাপাৰাৰ পশু চিকিৎসালয় খেল পথাৰত লাইখুঁটা স্থাপন । ২৭ ডিচেম্বৰ ২০২৪ ৰ পৰা ৭ জানুৱাৰী ২০২৫ লৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হব এই গ্ৰন্থমেলা । এশৰো অধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিব গ্ৰন্থ মেলাত ।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসালয় খেল পথাৰত অনুষ্ঠিত হব অসম গ্ৰন্থ মেলা। অহা ২০২৪ চনৰ ২৭ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ৭ জানুৱাৰীলৈকে ১২ দিনীয়াকৈ অনুষ্ঠিত হব এই গ্ৰন্থমেলা। আজি খানাপাৰাৰ পশু চিকিৎসালয় খেল পথাৰত অসম গ্ৰন্থ মেলাৰ লাইখুঁটা স্থাপন কৰে মেয়ৰ মৃগেন শৰণীয়া আৰু শিক্ষাবিভাগক সচিব নাৰায়ণ কোৱৰে। মাংগলিক কাৰ্যক্ৰমেৰে স্থাপন কৰা হয় অসম গ্ৰন্থ মেলাৰ লাইখুঁটা । এইবাৰ এশৰো অধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিব অসম গ্ৰন্থ গ্ৰন্থ মেলাত।ৰাজ্যখনৰ হাফলং,তিনিচুকীয়া, নলবাৰী, শিৱসাগৰ, শিলচৰকে ধৰি দেশৰ দিল্লী, কলিকতা আদিৰ বিপনীয়ে অংশ লব অসম গ্ৰন্থ মেলাত। প্ৰতিবছৰ দৰে এইবেলি গ্ৰন্থ মেলাত দেখা পোৱা নাযাব বাংলাদেশৰ গ্ৰন্থ বিপনী।