ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ ।
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ । বাছাৰ আল আছাদৰ পতনৰ পিছৰে পৰা ইজৰাইলে ছিৰিয়াত অহৰহ আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ সেনাই সামৰিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আক্ৰমণৰ মাজতে শেহতীয়াকৈ ছিৰিয়াত ভয়ংকৰ ভূমিকম্প বোমাৰ আক্ৰমণ চলাইছে । যুদ্ধবিমানৰ সহায়ত ছিৰিয়াৰ উপকূলীয় অঞ্চলত এই আক্ৰমণ সংঘটিত কৰে ইজৰাইলে।
ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত ছিৰিয়া । গৃহযুদ্ধৰে জৰ্জৰিত ছিৰিয়াত অব্যাহত আছে অস্থিৰতা। বিদ্ৰোহী গোটৰ হেঁচাত গাদীচ্যুত হৈছে ছিৰিয়াৰ ৰাষ্ট্ৰপতি তথা একনায়কত্ববাদী শাসক বাছাৰ আল আছাদ। শেহতীয়াকৈ ছিৰিয়াত ইজৰাইলে চলাইছে ভয়ংকৰ ভূমিকম্প বোমা আক্ৰমণ । এই আক্ৰমণৰ তীব্ৰতা ইমানেই বেছি আছিল যে বিস্ফোৰণ হোৱা টাৰ্টাছ অঞ্চলত মাটিও তীব্ৰভাৱে কঁপি উঠিছিল । সমগ্ৰ অঞ্চলটোত অনুভূত হৈছিল ভূমিকম্পৰ কম্পন । ২০১২ চনৰ পিছত ছিৰিয়াত হোৱা আক্ৰমণসমূহৰ ভিতৰত এইটো আছিল প্ৰথমটো বৃহৎ আক্ৰমণ।
এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয়- “এই আক্ৰমণে ইজৰাইলৰ উত্তৰ সীমান্তক সুৰক্ষা প্ৰদান কৰি সন্ত্ৰাসক বিফল কৰিছে।”
ইজৰাইলৰ যুদ্ধ বিমানে ছিৰিয়াৰ বায়ু প্ৰতিৰক্ষা ইউনিটৰ পৰা একাধিক লক্ষ্যত আক্ৰমণ কৰে । যাৰ বাবে বিস্ফোৰণৰ মাত্ৰা অধিক ভয়ংকৰ হৈ পৰিছিল । এই বিস্ফোৰণৰ ফলত এক প্ৰকাণ্ড জুইৰ গোলাৰ সৃষ্টি হৈছিল । এটা দুটা নহয় সেই অঞ্চলত একেৰাহে কেইবাটাও বিস্ফোৰণ অব্যাহত থাকে। বিস্ফোৰণৰ পিছত টাৰ্টাছৰ আকাশ ধোঁৱাৰ ডাৱৰেৰে ছানি ধৰিছিল। এই বিস্ফোৰণত স্বাভাৱিক ভূমিকম্পতকৈ দুগুণ বেছি কঁপনি অনুভৱ হোৱা বুলি দাবী কৰে স্থানীয় লোকসকলে। উল্লেখযোগ্য যে এই বিস্ফোৰণৰ প্ৰাবল্য আছিল ৩.০। এই আক্ৰমণৰ ফলত বায়ু প্ৰতিৰক্ষা ঘাটি আৰু ক্ষেপণাস্ত্ৰৰ গুদামকে ধৰি সামৰিক স্থানসমূহ ধ্বংসস্তূপত পৰিণত হয় ।