আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

0

আজি অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম সাহিত্য সভাই অতিক্ৰম কৰিলে ১০৮টাকৈ বছৰ । ১৯১৭ চনত স্থাপিত অসম সাহিত্য সভাত বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীয়ে যথাক্ৰমে প্ৰতিষ্ঠাপক সভাপতি আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ পদ অলংকৃত কৰিছিল । অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰাই এই সভাৰ ঘাই উদ্দেশ্য, লগতে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাও সভাৰ অন্যতম উদ্দেশ্য । অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটত আৰু আন ন টা আঞ্চলিক কার্যালয় গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত অৱস্থিত। সভাৰ জিলা সাহিত্য সভাৰ সংখ্যা বত্রিছখন। এই জিলা সাহিত্য সভাসমূহৰ অধীনত এহাজাৰৰো অধিক শাখা সাহিত্য সভা আছে। ভাৰতবৰ্ষ আৰু বিদেশৰ ভিন্ন প্ৰান্ততো অসম সাহিত্য সভাৰ শাখা গঠন কৰা হৈছে ।

ওঠৰ শতিকাত অসমত অসমীয়া ভাষা-সাহিত্য এক দুর্যোগপূর্ণ অৱস্থাত আছিল। বৃটিছ চৰকাৰৰ আমোলাতান্ত্রিক আক্ৰমণৰ বলি হৈছিল অসমীয়া জাতি। সেই সময়ত অসমীয়া ভাষা-সংস্কৃতিৰ পুনৰ উদ্ধাৰৰ বাবে এচাম নিষ্ঠাৱান সাহিত্যপ্রেমীয়ে অহোপুৰুষাৰ্থ কৰি অসমীয়া ভাষা-সংস্কৃতিৰ মৃতপ্রায় শিপাডাল সজীৱ কৰি তুলিছিল। সেই লোকসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমলচন্দ্র শর্মাৰ নাম লেখত ল’বলগীয়া । অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল। প্রতীকটোত এখন ঠগাত থকা সাঁচিপতীয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে লিখা আছে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ । অসম সাহিত্য সভাৰ প্ৰতিখন সভাৰ আৰম্ভণিতে মিত্ৰদেৱ মহন্তৰ দ্বাৰা ৰচিত এই গীতটো গোৱা হয় আৰু সভাৰ সামৰণিত লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি গোৱা হয়।

অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি বিকাশৰ হকে ৰাজ্যৰ ভিন্নপ্ৰান্তত দুবছৰৰ মূৰে মূৰে ‘অসম সাহিত্য সভা’ৰ অধিৱেশন আয়োজন কৰা হয় । এই অনুষ্ঠানটিয়ে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, গ্ৰন্থ আদিকো বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত কৰে। ১৯১৭ চনৰ ২৭ ডিচেম্বৰত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভাৰ এই গৌৰৱোজ্জ্বল ২৭ ডিচেম্বৰ দিনটো প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰা হয় ।

Leave A Reply

Your email address will not be published.