নেপালত ৭.১ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প

0

আজি পুৱা নেপালত অনুভূত হয় প্ৰবল ভূমিকম্পৰ জোকাৰণি । এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেলতকৈ অধিক ।

বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, পশ্চিমবঙ্গ আৰু মণিপুৰতো পুৱা নেপাল-চীন সীমান্ত অঞ্চলৰ সমীপত অনুভূত হোৱা ভূমিকম্পৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । ইয়াৰ উপৰিও নেপালৰ চুবুৰীয়া তিব্বতত এই ভূমিকম্পৰ ফলত বিস্তৰ প্ৰভাৱ পৰিছে । এই ভূমিকম্পৰ ফলত তিব্বতত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ৷ ইতিমধ্যে বহু লোক এই ভূমিকম্পত আহত হৈছে ৷ উল্লেখযোগ্য যে, এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নেপালৰ লোবুচেৰ উত্তৰ-পূব দিশত ৯৩ কিলোমিটাৰ গভীৰতাত ৷

Leave A Reply

Your email address will not be published.