আজি পৱিত্ৰ বৰদিন
আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ।কেৰ’লৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জাঘৰ।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেও আজি উলহ মালহেৰে উদযাপন কৰিছে পৱিত্ৰ বৰদিন ৷জেৰুজালেমৰ বেথেলহেমত এটি গোহালিত মাতৃ মেৰীৰ ঔৰসত দৈৱ আশীৰ্বাদত জন্ম গ্ৰহণ কৰিছিল যীশুৱে ।ঈশ্বৰৰ পৱিত্ৰ বাৰ্তা বিলোৱা যীশু অতি শীঘ্ৰেই সমগ্ৰ জেৰুজালেমত সকলোৰে বাবে হৈ পৰিছিল ঈশ্বৰৰ সন্তান।ঈশ্বৰৰ সেই সন্তানটিৰ জন্মদিনটো পৱিত্ৰ বৰদিন হিচাপে উদযাপন কৰা হয়।যীশু খ্ৰীষ্টক প্ৰাৰ্থনা, কেৰল গোৱা ইত্যাদি বিভিন্ন পৰম্পৰাগত ৰীতি–নীতিৰে খ্ৰীষ্টানধৰ্মী লোকসকলে বৰদিন পালন কৰা হয়। যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই বৰদিনত চৌদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।সকলো প্ৰান্ততে থকা গীৰ্জাঘৰবোৰ জিলিকাই তোলা হৈছে।কেৱল খ্ৰীষ্টান ধৰ্মীয় লোকেই নহয় সকলো লোকেই এই বৰদিনৰ আনন্দৰ অংশ হৈ পৰে ।বিশ্বাস কৰা হয় যে দুষ্টক দমন কৰি শান্তিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ঈশ্বৰে যীশুক এই পৃথিৱীলৈ পঠিয়াইছিল ।