মোদীৰ সংগ ত্যাগ ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিৰ
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰশৰ নেতৃত্বত ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিয়ে NDAৰ সৈতে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। দেওবাৰে আম্বেদকাৰ জয়ন্তী উপলক্ষে পাটনাত দলীয় কর্মীসকলক দিয়া ভাষণৰ সময়ত এই কথা ঘোষণা কৰে দলটোৰ মুৰব্বী পশুপতি কুমাৰ পাৰশে৷ ২০১৪ চনৰ পৰা NDAৰ সৈতে থাকি বিহাৰৰ আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত আৰ.এল.জে.পি দলে NDA ত্যাগ কৰাক লৈ এতিয়া তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে । NDA ত্যাগ কৰি ইতিমধ্যে পশুপতি পাৰশে কংগ্ৰেছৰ দলেৰে আলোচনাত মিলিত হোৱা বুলি মন্তব্য প্ৰদান কৰিছে । নিৰ্বাচনৰ পূৰ্বে RLJPয়ে NDA ত্যাগ কৰাৰ পিছতে এতিয়া বিজেপি নেতৃত্বাধীন NDA ৰ মাজত তীব্ৰ শংকা নামি অহা পৰিলক্ষীত হৈছে । কিয়নো RLJP হৈছে বিহাৰৰ দলিত শ্ৰেণীৰ কণ্ঠস্বৰূপ এটি ৰাজনৈতিক দল, ইয়াৰোপৰি বিহাৰৰ অধিকাংশ নাগৰিকেই পিছপৰা শ্ৰেণীৰ । যাৰ বাবে এতিয়া আগন্তুক বিধানসভাৰ নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ে খেদি ফুৰিছে NDA তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক।