বিপদৰ সময়ত দেশবাসীৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
বিশ্ব জোঁকাৰি গ’ল পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই । এই আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত আছিল ছৌদি আৰৱ ভ্ৰমণত । কিন্তু সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ লাভ কৰিয়েই তৎক্ষণাত ভ্ৰমণসূচী আধাতে সামৰি আজি পুৱাই নতুন দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ বিমানৰ পৰা নামিয়েই বিমানবন্দৰতেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতে এই ঘটনা সন্দৰ্ভত বৈঠকত মিলিত হয় । প্ৰধানমন্ত্ৰীয়ে এই আক্ৰমণৰ বাবে দায়ীসকলক ৰেহাই দিয়া নহ’ব আৰু তেওঁলোক ন্যায়ৰ কাষ চাপিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
আনহাতে পেহেলগামত সংঘটিত আক্ৰমণৰ পিছত পাকিস্তানক প্ৰধানমন্ত্ৰী মোদীয়ে এক বৃহৎ প্ৰত্যুত্তৰ দিয়ে । দিল্লীৰ পৰা ছৌদি আৰবলৈ যাওঁতে প্ৰধানমন্ত্ৰীৰ বিমানে পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে পাৰ হৈ গৈছিল, কিন্তু উভতি অহাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানখনে পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে পাৰ নহৈ আন এটা পথ বাছি লয়। ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে সন্ত্ৰাসবাদীক সমৰ্থন কৰি অশান্তি বিয়পাই পাকিস্তানে ভৱিষ্যতে ভাৰতৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰিব নোৱাৰিব।