ৰাজধানী নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তি উন্মোচন

0

বৃহস্পতিবাৰে ৰাজ্যজুৰি  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। তেওঁৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী হাতত লোৱা হয় । বড়ো জাতিৰ কাৰণে অজস্ৰ ত্যাগ স্বীকাৰ কৰা উপেন্দ্ৰনাথ ব্ৰহ্মই জাতিটোক আগুৱাই যোৱাত যথেষ্ট পৰিমাণে সহায় কৰিছিল । উপেন্দ্ৰচন্দ্ৰ ব্ৰহ্মৰ বাবেই বড়ো জনজাতিয়ে বড়ো স্বায়ত্ব শাসিত পৰিষদ লাভ কৰিবলৈ সক্ষম হৈছিল ।

কোকৰাঝাৰ জিলাত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা পথ নামাকৰণ কৰাৰ কথা ঘোষণা কৰিছিল । উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫সংখ্যক মৃত্যু তিথিৰ দিনাই দিল্লীৰ বড়োলেণ্ড হাউচ প্ৰাংগনত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা ।

গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি ৰাজধানী নতুন দিল্লীৰ কৈলাশ কলনীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ পূণ্যতিথিৰ দিনটোতেই  ৯ ফুট উচ্চতাৰ তেওঁৰ এক পূৰ্ণাংগ প্ৰতিমূৰ্তি আৰু তেওঁৰ নামত ৮৩৫ মিটাৰ দৈৰ্ঘ্যৰ এটি পথ নামাকৰণ কৰে ।

উক্ত অনুষ্ঠানত বক্তব্য ৰাখি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “৩৫ বছৰ বয়সতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো জাতিৰ বাবে যি অৱদান আগবঢ়াই গ’ল তাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব । আজি নতুন দিল্লীত তেওঁৰ নামত ‘দিল্লীৰ কৈলাশ নগৰত তেওঁৰ ৩৫ তম মৃত্যু তিথিত এটি পথ আৰু ৯ ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ আহিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য ।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে পথৰ নামাকৰণ আৰু তেওঁৰ প্ৰতিমূৰ্ত্তি কৰাটো দিল্লী আৰু উত্তৰ পূৱ ভাৰতত বসবাস কৰা জনজাতীয় লোকসকলৰ মাজত দূৰত্ব হ্ৰাস কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু বি টি চি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰাং ব্ৰক্ষ্ম আৰু এবছুৰ সভাপতি দ্বিপেন বড়োৱে ।

Leave A Reply

Your email address will not be published.