অপাৰেচন সেন্দুৰে পাকিস্তানক দিলে সঠিক উত্তৰ

0

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে গ্ৰহণ কৰিছিল প্ৰত্যাক্ৰমণৰ পদক্ষেপ। এই প্ৰত্যাক্ৰমণক ভাৰতে নামাকৰণ কৰিছিল অপাৰেচন সেন্দুৰ হিচাপে । পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী লঞ্চ পেডক লক্ষ্য কৰি অপাৰেচন সেন্দূৰৰ অধীনত ভাৰতে চলাইছিল নিখুঁত বিমান আক্ৰমণ। সোমবাৰে ভাৰতৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘায়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। । লগতে সংবাদ মেল খনিত উপস্থিত থাকে বিমান পৰিচালনাৰ সঞ্চালক প্ৰধান এ কে ভাৰতী আৰু নৌ সেনাৰ সঞ্চালক প্ৰধান এ এন প্ৰমোদ ।

সংবাদমেলত ভাৰতীয় সেনাৰ DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে সদৰি কৰা অনুসৰি, ভাৰতীয় সেনাই কেৱল সন্ত্ৰাসবাদীৰ ঘাটিহে আক্ৰমণ কৰিছিল । এই অভিযানত প্ৰায় শতাধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। লগতে মুৰিদকেৰ সন্ত্ৰাসবাদী আত্মগোপনৰ ঘাটি, জইছ ই মহম্মদৰ মুখ্য কাৰ্যালয় আৰু লস্কৰ-ঈ-তৈবাৰৰ ঘাটি ধ্বংস কৰে ভাৰতীয় সেনাই ।অৱশ্যে পাকিস্তানৰ আক্ৰমণত ভাৰতীয় বিমান সেনাৰ কোনো ঘাটি ক্ষতি হোৱা নাই বুলি উল্লেখ কৰি ৰাজীৱ ঘায়ে কয় পাকিস্তানৰ প্ৰায় ৪০ গৰাকী সেনা নিহত হৈছে ।

উল্লেখযোগ্য যে যুদ্ধ বিৰতি ভংগ কৰিলে পাকিস্তানক পুনৰ আক্ৰমণৰ হুংকাৰ প্ৰদান কৰে ভাৰতীয় সেনাই । লগতে অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতীয় সেনাই সন্ত্ৰাসবাদী প্ৰশিক্ষণ স্থান চিনাক্ত কৰি সেইবোৰ ধ্বংস কৰা বুলিও জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.