কাঁৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

0

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ফ্ৰান্সৰ কান চহৰত আয়োজন কৰা হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ। ১৩ মে’ৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি অন্ত পৰিব। এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকাসকলৰ সমান্তৰালকৈ ভাৰতীয় তাৰকা সকলৰ অংশগ্ৰহণো দেখিবলৈ পোৱা গৈছে । বিশ্বৰ সৰ্ববৃহৎ তথা সন্মানীয় চলচিত্ৰ মহোৎসৱ ‘কাঁ মহোৎসৱ’ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি উঠিল দেশৰে এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ তথা অসম কন্যা সংযুক্তা দত্ত ৷

তিনি গৰাকী সুন্দৰী প্ৰসিদ্ধ মডেলে সংযুক্তাৰ সৃষ্টিৰ পোচাক পিন্ধি লয়লাসে খোজ দিয়ে কাঁৰ ৰঙা দলিচাত ৷ সংযুক্তাৰ সৃষ্টিত মুগ্ধ হৈ পৰিছে ফেশ্বন অনুৰাগী সকল। শুকুৰবাৰে ৰেড কাৰ্পেটত বিশ্বৰ এগৰাকী প্ৰসিদ্ধ মডেল তথা মিচেছ ৱৰ্ল্ড কংগনিয়ালিটিৰ মুকুট বিজয়ী ভেলেৰিয়া হজেৰটেনেছে পৰিধান কৰা পোচাকত উজলি উঠিছিল প্ৰাচীন অসমীয়া লোককথাৰ পৰা অনুপ্ৰাণিত গাঢ় মটিফ থকা সংযুক্তা দত্তৰ সৃষ্টি । আনহাতে, চকু চাটমৰা সৌন্দৰ্যৰ গৰাকী মিছেছ ইটালী তথা গ্ল’ব ছুপাৰমডেল মিৰ্কা হাৱাৰ্ড আছিল দ্বিতীয় গৰাকী মডেল যাৰ দেহত শোভা পাইছিল সংযুক্তা দত্তই ইউৰোপীয় ডিজাইনৰ সৈতে ভাৰতীয় ৰেচমৰ পাতল গুণা গঁথা শিল্পৰ সংমিশ্ৰণেৰে সৃষ্টি কৰা এযোৰ অভিনৱ পোচাক । ভাৰতীয় আৰু ইউৰোপীয় সংমিশ্ৰিত এই পোচাকে সমবেত ভিৰক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৰঙাদলিচাৰ সমাৱেশত । তৃতীয় গৰাকী মডেল হ’ল জেছলিন ছ’নি ৷ সংযুক্তা দত্তৰ এটি আধুনিক ৰাজকীয় ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি কাঁৰ ৰঙা দলিচাত খোজ দিওতে মূৰ ঘূৰাই চাবলৈ বাধ্য হৈছিল সমবেত সকল। উল্লেখযোগ্য যে, একেৰাহে পঞ্চম বছৰৰ বাবে কাঁ মহোৎসৱত ভাৰতীয় ফেশ্বনক প্ৰতিনিধিত্ব কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সংযুক্তা দত্তই। আয়াৰ বাহিৰেও বিভিন্ন সময়ত বহু দেশী-বিদেশী তাৰকা শিল্পীয়ে সংযুক্তাৰ সৃষ্টিৰ পোচাক পিন্ধি ৰেম্পত খোজ দিয়া দেখা গৈছে ।

Leave A Reply

Your email address will not be published.