ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক
সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয় । তাৰে ভিতৰত আটাইতকৈ জনপ্ৰিয় তথা সুস্বাদু ব্যঞ্জনবিধ হৈছে থেকুৱা । জানো আহক এই থেকুৱা কেনেকৈ প্ৰস্তুত কৰা হয় ।
আটা, গুৰ আৰু ড্ৰাই ফ্ৰুটছৰ মিশ্ৰেণেৰে তৈয়াৰী থেকুৱা মাটিৰ চৌকাত ৰন্ধা হয়। ষঠ পূজাত তৈয়াৰ কৰা থেকুৱা পূজাৰ অন্তিম দিনা প্ৰসাদ হিচাপে মানুহৰ মাজত বিতৰণ কৰা হয়। আমিও
ঘৰতেই অতি সহজভাৱে থেকুৱা তৈয়াৰ কৰি ল’ব পাৰো ।
থেকুৱা বনাবলৈ লাগতিয়াল সামগ্ৰীসমূহ হ’ল – আটা, গুৰ, নাৰিকল, ইলাচি পাউডাৰ, ঘিউ, ৰিফাইন তেল আৰু ড্ৰাই ফ্ৰুটছ।
প্ৰথমে এটা পাত্ৰত পানী লৈ তাত গুৰ দি ভালদৰে মিহলি কৰি গৰম কৰি ল’ব লাগে। আন এটা পাত্ৰত আটাখিনি চাকনিৰে চালি ল’ব লাগে। এতিয়া নাৰিকলখিনি ৰুকি লৈ তাত অলপ ঘিউ দি এটা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব লাগে । এই মিশ্ৰণটো আটাখিনিৰ সৈতে ভালদৰে মিহলাব লাগে । ইয়াৰ পিছত ইলাচি পাউডাৰ আৰু ড্ৰাই ফ্ৰুটছ দি গুৰৰ পানীৰে মঠি ল’ব। আটাখিনি টানকৈ মঠি লৈ সৰু সৰু বল আকৃতি দিব। এতিয়া কেৰাহীত ঘিউ দি কম জুইত থেকুৱাখিনি গাঢ় ৰঙৰ হোৱালৈকে ভাজি ল’ব। এখন প্লেটত থেকুৱাখিনি উলিয়াই ল’ব।
এনেকৈয়ে আপুনি অতি সহজে আপুনিও ঘৰতেই থেকুৱা প্ৰস্তুত কৰি ল’ব পাৰে ।