আজি পৱিত্ৰ ৰাম নৱমী, দেশী-বিদেশী ভক্তৰ ভিৰ ৰামনগৰীত

আজি পৱিত্ৰ ৰাম নৱমী। আজি সমগ্ৰ দেশতে ৰাম নৱমীৰ উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হৈছে। শ্ৰীৰামৰ জন্ম বাৰ্ষিকীৰ আনন্দত ডুব গৈছে ৰামনগৰী অযোধ্যাও।ৰামনৱমীৰ দিনটোতেই তামিলনাডুত প্ৰধানমন্ত্ৰী মোডী । শ্ৰীলংকা ভ্ৰমণৰ পৰা উভতি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামেশ্বৰম দ্বীপ আৰু মূল ভূখণ্ডৰ মাজত ৰে’ল সংযোগ প্ৰদান কৰা পম্বন সাগৰীয় দলং উদ্বোধন কৰে।ৰাম নৱমীৰ এই দিনটোতেই গৃহমন্ত্ৰী অমিত শ্বাহে দেশবাসীক ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰে।

অযোধ্যাৰ ৰামমন্দিৰত অনুষ্ঠিত হৈছে পৱিত্ৰ ৰামনৱমী।দুপৰীয়া ঠিক ১২ বজাত ভগৱান সূৰ্য্যই ৰামলালাৰ কপালত তিলক লগালে। কেৱল দেশৰ পৰাই নহয় বহিঃৰাজ্যৰ পৰাও এই অনুষ্ঠানৰ সাক্ষী হ’ল ভক্তসকল। কেৱল এয়াই নহয়, ড্ৰ’নৰ জৰিয়তে দৰ্শনাৰ্থী ভক্তসকলৰ ওপৰত সৰজুৰ পবিত্ৰ জল বৰষোৱা হয়।

অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰটো ৰাম নৱমীত উজ্জ্বল ফুল আৰু চমকপ্ৰদ পোহৰেৰে সজোৱা হৈছিল, যাৰ ফলত সমগ্ৰ দেশৰ ভক্তসকলে ভগৱান ৰামৰ জন্ম উদযাপন কৰিবলৈ আকৰ্ষিত হৈছিল।
ৰাম নৱমী উপলক্ষে প্ৰাৰ্থনা কৰিবলৈ বৃহৎ সংখ্যাত লোক আহে। ভক্তসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। পাৰ্কিংৰ উপযুক্ত ব্যৱস্থাও কৰা হৈছে ।

assambest news portal in assamdnortheastFestivalhindu festivalram navamisanatni dharmtop news portal in north east
Comments (0)
Add Comment