“আমাৰ চুবুৰীয়াই মানৱীয়তাৰ হত্যা কৰিছে”-ফাৰুক আব্দুল্লা

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই । সোমবাৰে জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্স দলৰ মুৰব্বী গৰাকীয়ে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে হোৱা আলোচনাত তেওঁ আৰু সমৰ্থন নকৰে। তেওঁ এতিয়া বিচাৰে যে এনেধৰণৰ আক্ৰমণৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰক।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই নিজৰ মতামত ব্যক্ত কৰি কয় যে পাকিস্তানৰ বিৰুদ্ধে সম্পূৰ্ণ আৰু চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। তেওঁৰ মতে, ভাৰতে দীৰ্ঘদিন ধৰি পাকিস্তানক চুবুৰীয়া দেশ বুলি গণ্য কৰি আহিছে। কিন্তু পাকিস্তানে সেই মৰ্যাদা বজাই ৰাখিবলৈ সক্ষম হোৱা নাই। সেইবাবেই তেওঁলোকক এটা যোগ্য উত্তৰ দিয়াৰ প্ৰয়োজন।

আনহাতে দ্বি-জাতি তত্ত্বৰ কথা উল্লেখ কৰি ফাৰুক আব্দুল্লাই কয় যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে ১৯৪৭ চনত দ্বি-জাতি তত্ত্বক নাকচ কৰিছিল আৰু এতিয়াও ইয়াক মানি ল’বলৈ সাজু নহয়। হিন্দু, মুছলমান, শিখ আৰু খ্ৰীষ্টান, আমি সকলোৱে এক… আমি তেওঁলোকক এটা উপযুক্ত উত্তৰ দিম।”

assambest news portal in assamdnortheastFAROOQ ABDULLAHJAMMU KASHMIRtop news portal in north east
Comments (0)
Add Comment