অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিদেশ ভ্ৰমণ কৰিব ভাৰতৰ সাংসদ সকলে । ৫৯ জন সাংসদ ৭ টা দলত বিভক্ত হৈ বিশ্বৰ ভিন্ন দেশলৈ গৈ সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী আগবঢ়াব । কিন্তু তাতো লাগিছে অথন্তৰ । কিয়নো কংগ্ৰেছৰ সাংসদৰ তালিকাত পূৰ্বতে অসমৰ সাংসদ গৌৰৱ গগৈৰ নাম সন্নিৱিষ্ট কৰা হৈছ লৈ যদিও চূড়ান্ত তালিকাত নাই গৌৰৱ গগৈৰ নাম ।
কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শনিবাৰে এক্সযোগে জনাইছিল যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ দলৰ সভাপতি আৰু বিৰোধী দলপতিক বিদেশলৈ যাবলগীয়া কূটনৈতিক অভিযানৰ দলটোৰ বাবে কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে চাৰিগৰাকী সাংসদৰ নাম প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনাইছিল । লগতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ চাৰিগৰাকী সাংসদৰ নাম কিৰেণ ৰিজিজুক জনাই দিয়ে বুলিও জয়ৰাম ৰমেশে সদৰী কৰিছিল । সেই তালিকাত নাম আছিল আনন্দ শর্মা, গৌৰৱ গগৈ, ছৈয়দ নাছিৰ হুছেইন আৰু ৰাজা ব্ৰাৰৰ ।
পিছে কংগ্ৰেছে গৌৰৱ গগৈৰ নাম অন্তৰ্ভুক্ত কৰি তালিকা দিয়াৰ পাছতেই আৰম্ভ হৈছিল বিতর্ক । কিয়নো নাম উল্লেখ নকৰাকৈ কিন্তু অসমৰ বুলি কৈ পাকিস্তানত দুসপ্তাহ থকা এজন সাংসদক এই তালিকাৰ পৰা আঁতৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ জনোৱাৰ লগে লগে দেশৰ সংবাদ মাধ্যমত বিষয়টো লৈ তীব্ৰ চৰ্চা আৰু বিতৰ্কৰ সূচনা হৈছিল । কিয়নো গৌৰৱ গগৈৰ ওপৰত আছে পাকিস্তানৰে লিংক থকাৰ অভিযোগ। বৰ্তমান চলি আছে SITৰ তদন্ত।
মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতেই দেশজুৰি এই বিষয়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । বিভিন্ন দেশলৈ যাবলগীয়া সৰ্বদলীয় প্ৰতিনিধি দলৰ বাবে কংগ্ৰেছে প্ৰস্তাৱ কৰা চাৰিজনীয়া তালিকাৰ পৰা ভাৰত চৰকাৰে গৌৰৱ গগৈৰ নাম বাতিল কৰিলে। পাকিস্তানৰ লগত সম্পৰ্ক থকাৰ অভিযোগৰ বাবে বিদেশ যাত্ৰাৰ প্ৰতিনিধি দলৰ পৰা নাম কটা গ’ল গৌৰৱ গগৈৰ।
আনহাতে গৌৰৱ গগৈৰ ঠাইত ভাৰত চৰকাৰে অন্তৰ্ভুক্ত কৰিলে সাংসদ শশী থাৰুৰৰ নাম । যদিও কংগ্ৰেছৰ তালিকাত স্থান লাভ কৰা নাছিল শশী থাৰুৰে, কিন্তু ভাৰত চৰকাৰে নিজাববীয়াকৈ প্ৰতিনিধিৰ দলটোত অন্তৰ্ভুক্ত কৰে সাংসদ গৰাকীক । কেৱল সেইয়া নহয়, প্ৰতিনিধিৰ যিটো দলত শশী থাৰুৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, সেই দলটোৰ নেতৃত্বত থাকিব সাংসদ শশী থাৰুৰ ।