দেশৰ বাবে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে । দেশত সাধাৰণ লোকপিয়লৰ সমান্তৰালকৈ জাতিগত গণনা কৰাৰো পোষকতা মোদী চৰকাৰৰ। দেশৰ পৰৱৰ্তী লোকপিয়লত প্ৰথমবাৰৰ বাবে কৰা হ’ব জাতিৰ গণনা।লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ প্ৰতিটো জাতিৰ সংখ্যা, আৰু প্ৰতিটো সম্প্ৰদায়ৰ লোকৰ সংখ্যা গণনা কৰা হ’ব। অতি শীঘ্ৰেই দেশত আৰম্ভ হ’বলগীয়া ৰাষ্ট্ৰীয় লোকপিয়লৰ লগতে জাতিভিত্তিক গণনাও কৰা হ’ব। এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । কেন্দ্ৰীয় কেবিনেটৰ সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা হয় বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
ইফালে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় বিৰোধী দলপতি তথা ৰাইবৰেলী সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে । তেওঁ এক সংবাদ মেলত মন্তব্য কৰে যে মোৰ জাতিগত লোকপিয়লৰ দাবী মানি লোৱা হ’ল । মই ব্যক্তিগত প্ৰতিষ্ঠানতো সংৰক্ষণৰ দাবী জনাইছোঁ । লগতে এই সন্দৰ্ভত সামাজিক মাধ্যমত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰে ৰাহুল গান্ধীয়ে ।
ইফালে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কংগ্ৰেছ জাতিগত লোকপিয়লৰ বিৰোধী বুলি মন্তব্য কৰে । কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ দলসমূহে জাতিগত গণনাক ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে অশ্বিনী বৈষ্ণৱে ।