বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ “সাংসদ ৰত্ন-২০২৫” সন্মান

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ ‘সংসদ ৰত্ন বঁটা’ৰ বাবে মনোনীত কৰা হৈছে । প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈ “সংসদৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী সদস্য”ক সন্মান জনোৱাৰ বাবে সংসদ ৰত্ন সন্মান প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছিল।

ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসৰাজ গঙ্গাৰাম অহিৰ নেতৃত্বাধীন জুৰীৰ ব’ৰ্ডে দিলীপ শইকীয়াৰ নাম মনোনীত কৰিছে । এই বঁটা লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ হিচাপে স্বীকৃতি লাভ কৰিছে দিলীপ শইকীয়াই । ‘প্ৰাইম পইণ্ট ফাউণ্ডেছন’-এ ২০১০ চনৰ পৰা এই ‘সংসদ ৰত্ন বঁটা’ প্ৰদান কৰি আহিছে । চলিত বৰ্ষত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ১৭ গৰাকী সাংসদৰ‌নাম এই বঁটাৰ বাবে মনোনীত কৰা হৈছে । ১৭ গৰাকী সাংসদৰ লগতে সংসদৰ ‘ষ্টেডিং কমিটি অন ফাইনেন্স’ আৰু ‘ষ্টেডিং কমিটি অন এগ্ৰিকালছাৰ’ নামৰ স্থায়ী সমিতি দুখনেও ২০২৫ বৰ্ষৰ সংসদ ৰত্ন সন্মানৰ বাবে মনোনয়ন লাভ কৰিছে ।

সাংসদ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে এই বঁটাৰ বাবে মনোনীত সাংসদসকল হ’ল ভত্ৰূহৰি মহতব, এন কে প্ৰেমচন্দন, চুপ্ৰিয়া চুলে, শ্ৰীৰংআপ্পা বাৰনে, স্মিতা উদয় ৱাঘ, অৰবিন্দ গনপট স্বাৱন্ত, নৰেশ গনপট মহস্কে, প্ৰফেচাৰ গায়কোৱাড বৰ্ষা একনাথ, ড৹ মেধা বিশ্ৰাম কুলকাৰ্ণী, প্ৰবীণ পেটেল, ৰবীন্দ্ৰ কীষাণ শুক্লা, ড৹ নিশিকান্ত ডুবে, বিদ্যুৎ বৰণ মহাত, পি পি চৌধুৰী, মদন ৰাথৌৰ আৰু চি এন আন্না দুৰাই ।

আনহাতে এই বঁটা লাভ কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে সাংসদ দিলীপ শইকীয়াক আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত সাংসদ গৰাকীক শুভেচ্ছা জনাই পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হয় ।

assambest news portal in assamDILIP SAIKIAdnortheastMEMBER OF PARLIAMENTtop news portal in north east
Comments (0)
Add Comment