“মই Resign দিম”-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সাংসদ গৌৰৱ গগৈ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দৰাচলতে কেইমাহ মান পূৰ্বৰে পৰা দেশৰ ৰাজনীতিত তোলপাৰ লগাই আছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগে । শেহতীয়াকৈ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই পুনৰ ব্যাপকভাৱে চৰ্চিত হৈছে এই বিষয়টো । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যেতিয়াই সুবিধা পাইছে, তেতিয়াই তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৰাকীক । গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগ সন্দৰ্ভত বহুতো তথ্য চৰকাৰৰ হাতত আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “তেওঁ যদি যোৱা নাই বুলি ক’ব পাৰে, ময়েই Resign দি‌ দিম” ।

ইফালে সাংসদ গৰাকীৰ বিৰুদ্ধে পুনৰ উত্থাপন হোৱা পাকিস্তান লিংকৰ অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে “যোৱা তিনিমাহৰ পৰা তেওঁ একেখিনি কথাই কৈ আছে । আমি পাকিস্তানৰ বিৰুদ্ধে সঠিক প্ৰতিক্ৰিয়া বিচাৰোঁ । পহলগামক লৈ আমি দুঃখিত, আমি চিন্তিত । তেওঁ এতিয়াও ৰাজনীতিয়ে কৰি আছে।”

আনহাতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰাৰ অন্তত পুনৰ গৌৰৱ গগৈ সন্দৰ্ভত মুখ খোলে হিমন্ত বিশ্ব শৰ্মাই । গৌৰৱ গগৈক সকীয়নি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কোনো মানুহ বুৰ্বক নহয় । গৌৰৱ গগৈক পাকিস্তান যোৱা সন্দৰ্ভত প্ৰশ্ন কৰিলেই তেওঁ অকাই পকাই উত্তৰ দিয়ে । ইফালে মুখ্যমন্ত্ৰীয়েও গৌৰৱ গগৈলৈ বুলি পোনপটীয়াকৈ কিছু প্ৰশ্ন উত্থাপন কৰে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ চকীত বহি থাকি মই এটাও অসত্য কথা নকওঁ ।

assambest news portal in assambjpdnortheasttop news portal in north east
Comments (0)
Add Comment