দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৱাকফ সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। অসমৰো ভিন ভিন ঠাইত শ শ লোকে এই আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰীতো উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থা নেমছু’ৰ দৰং জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৱাকফ সংশোধনী আইন ২০২৫ বাতিলৰ দাৱীত গণ প্রতিবাদ সাব্যস্ত কৰে।অসম চৰকাৰ হাই হাই, বিজেপি মুৰ্দাবাদ, ভাৰত চৰকাৰ হাই হাই ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে নেমছুৱে। এই সম্পত্তি মুছলমানৰ সম্পত্তি, মুছলমানে আইন বনাব মুছলমানে ব্যৱহাৰ কৰিব, আইন বনাবলৈ চৰকাৰ কোন বুলিও প্ৰতিবাদকাৰীসকলে প্ৰশ্ন উত্থাপন কৰে । এই আইন বাতিল নকৰিলে আৰু অধিক ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা কেন্দ্রীয় সভাপতি বদৰুল ইছলামে ।
ইফালে প্ৰতিবাদকাৰীক লক্ষ্য কৰি তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । প্ৰতিবাদৰ নামত হিংসাৰ আশ্ৰয় লোৱা বা আইন শৃংখলা বিঘ্নিত কৰিব বিচৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । লগতে তেওঁ প্ৰতিবাদকাৰীসকলক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো পথ প্ৰদৰ্শন কৰে ।