প্ৰথমটো ইতিবাচক খবৰ । পেৰিছ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ তালিকাত সংযোজন পঞ্চমটো পদক

দেশৰ হৈ পদক অৰ্জন কৰিলে শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে । পেৰিছ পেৰা অলিম্পিকত এক ভাৰতীয় ইতিহাস ৰচনা কৰিলে ৰুবিনা ফ্ৰান্সিছে। শ্বুটিঙৰ এয়াৰ পিষ্টল ইভেণ্টত পেৰালিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে ৰুবিনা। ক্ৰীড়া মহাসমাৰোহখনৰ তৃতীয় দিনা দেশৰ হৈ পদক জয় কৰিছে শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 ইভেণ্টৰ ফাইনেলত ৰুবিনা ফ্ৰান্সিছে অৰ্জন কৰিলে ব্ৰঞ্জৰ পদক। খেলৰ কেৰিয়াৰত প্ৰথমটো পেৰা অলিম্পিক পদক লাভ কৰে শ্বুটাৰগৰাকীয়ে । ফাইনেলত মুঠ ২১১.১ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক জয় কৰিছে ৰুবিনাই। লক্ষণীয়ভাৱে চলিত পেৰা অলিম্পিকত ভাৰতে লাভ কৰা মুঠ ৫টা পদকৰ ৪টা পদক লাভ কৰিছে শ্বুটিং ইভেণ্টৰ জৰিয়তে।

ইয়াৰ পূৰ্বে ৰুবিনা ফ্ৰান্সিছে বিশ্ব শ্বুটিং পেৰা স্প’ৰ্টছ বিশ্বকাপ- ২০২৩ত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল।

dnortheastIndianPara OlympicRubina FreancisShooter
Comments (0)
Add Comment