আজিকালি প্ৰায়েই শুনিবলৈ পোৱা যায় হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ। সাধাৰণ মানুহৰ মাজত প্ৰায়ে হৃদযন্ত্ৰৰ সমস্যা দেখা যায়।
হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব পাৰি? গঢ়ি তোলক এই ৫টা অভ্যাস ।
বৰ্তমান সময়ত বিভিন্ন ৰোগে মানুহক ভাৰাক্ৰান্ত কৰি তুলিছে। আন ৰোগৰ লগতে এতিয়া হৃদৰোগৰ সমস্যা বৃদ্ধি পাইছে। আজিকালি প্ৰায়েই শুনিবলৈ পোৱা যায় হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ। সাধাৰণ মানুহৰ মাজত প্ৰায়ে হৃদযন্ত্ৰৰ সমস্যা দেখা যায়। কিন্তু হৃদযন্ত্ৰৰ সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব?
সকলোৱে নিজকে সুস্থ আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন কৰিব লাগে কেইটামান কাম। বিশেষকৈ খাদ্য আৰু দৈনন্দিন ৰুটিনত পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ। মাত্ৰ কেইটামান নিয়ম মানি চলিলে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিব পাৰি। নিয়মিতভাৱে খোৱা-বোৱা আৰু প্ৰতিদিনে সুষম খাদ্য খোৱাটো প্ৰয়োজনীয়। উচ্চ চৰ্বিযুক্ত খাদ্য খাব নালাগে, পাৰিলে চৰ্বিযুক্ত খাদ্য অভ্যাস সকলোৱে এৰিব লাগে। পুৰুষৰ লগতে মহিলা সকলেও খাদ্যাভ্যাস সলনি কৰাটোও গুৰুত্বপূৰ্ণ।
চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন নকৰিলে সকলোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে, হৃদযন্ত্ৰৰ সমস্যাও হ’ব পাৰে। বুকুৰ বিষ বা তেনে কোনো সমস্যা হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।আজিকালি বেছিভাগ মানুহেই বিভিন্ন কথাত চিন্তিত হৈ পৰে আৰু তেওঁলোকৰ উত্তেজনা আৰু মানসিক চাপ বহু পৰিমাণে বাঢ়ি যায়। তেতিয়াও বহুতৰে হাৰ্ট এটেক হোৱা দেখা যায়। সেয়ে যিমান পাৰে মানসিক চাপ কম কৰিবলৈ চেষ্টা কৰক।মানসিক চাপৰ পৰা দূৰ হৈ থাকিলেও বহু পৰিমাণে হাৰ্ট এটেকৰ হোৱাৰ পৰা হাত সাৰি থাকিব পাৰি। স্বাভাৱিকতে কেইটামান নিয়ম মানি চলিলে সহজেই সুস্থ হৈ থাকিব পাৰে সকলোৱে, হৃদযন্ত্ৰও সুস্থ হৈ থাকিব আপোনাৰ।