এমপক্স ভাইৰাছ কি?

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা এমপক্সক পূৰ্বে মাংকিপক্স বুলি কোৱা হৈছিল। এমপক্স ভাইৰাছ হৈছে এবিধ সংক্ৰামক ৰোগ। সাধাৰণতে এন্দুৰ, শহাপহু আদি এমপক্সত আক্ৰান্ত হোৱা দেখা গৈছিল প্ৰথম অৱস্থাত। পৰৱৰ্তী সময়ত এই ভাইৰাছ মানুহলৈ সংক্ৰমিত হয়। এমপক্স সাধাৰণতে এন্দুৰ আৰু বান্দৰ জাতীয় প্ৰাণীৰ পৰা বিয়পে। একেদৰে মানুহৰ পৰাও এমপক্স ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। যৌন সম্পৰ্ক, এমপক্সৰ ঘাৰ পৰা বা এমপক্সত আক্ৰান্ত লোকৰ থু-খেকাৰৰ পৰা সংক্ৰমণ হ’ব পাৰে।

আক্ৰান্ত লোকৰ অপৰিষ্কাৰ বিচনা-গাৰুৰ পৰাও এমপক্স বিয়পিব পাৰে। আক্ৰান্ত গৰ্ভৱতী মহিলাৰ পৰা সন্তানলৈও এমপক্সৰ ভাইৰাছ বিয়পিব পাৰে। বিশ্বত ১৯৫৮ চনত প্ৰথম এমপক্স ধৰা পৰিছিল। বান্দৰৰ গাত হোৱা বসন্ত ৰোগৰ দৰে লক্ষণ দেখা গৈছিল সেইসময়ত। যাৰবাবে জংঘলৰ পৰা দুটা বান্দৰ ধৰি আনি ৰোগবিধৰ অধ্যয়ন কৰা হয়, সেয়ে ৰোগবিধৰ নাম মাংকি পক্স ৰখা হয়।এমপক্সৰ লক্ষণসমূহ জানি লওক এমপক্সৰ লক্ষণসমূহ কিছু পৰিমাণে সৰু আইৰ লক্ষণৰ দৰে। সংক্ৰমণ হোৱা ৭ৰ পৰা ১৪ দিনৰ ভিতৰত লক্ষণে দেখা দিয়ে। কেতিয়াবা এই সময় ৫-২১ দিন পৰ্যন্ত হ’ব পাৰে। সাধাৰণতে এমপক্সৰ ভাইৰাছৰ প্ৰভাৱ ২-৪ সপ্তাহ পৰ্যন্ত থাকে। এমপক্সত আক্ৰান্ত হ’লে জ্বৰ, মূৰ বিষ, পেশীৰ বিষ, কঁকাল বিষ, লসিকা গ্ৰন্থি ফুলি উঠা। অতিপাত ভাগৰ লগা, ঠাণ্ডা লগা আদি লক্ষণে দেখা দিয়ে। শৰীৰৰ যিকোনো অংগৰ ছালতে ঘাৰ দৰে ৰঙা পৰিব পৰে। হাতৰ তলুৱা, ভৰিৰ তলুৱা, মুখমণ্ডল, মুখ, ডিঙি, যৌনাংগ, চকুৰ কৰ্ণিয়াতো ৰঙা পৰে। প্ৰথমে ছাল ৰঙা পৰে, ৰঙা পৰা ঠাইখনত টেমুনা বান্ধে। টেমুনা স্বচ্ছ জুলীয়া পদাৰ্থৰে ভৰি পৰে। পাছলৈ টেমুনাৰ আগ শুকাই টান হৈ সোমাই পৰে। শালমনৰ দৰে হৈ হালধীয়া জুলীয়া পদাৰ্থৰে ভৰি পৰে।আফ্ৰিকা মহাদেশৰ পৰা উৎপত্তি হোৱা এই এমপক্স ভাইৰাছ এতিয়া সমগ্ৰ বিশ্বৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে। উল্লেখযোগ্য যে, অৰ্থপক্স ভাইৰাছৰ পৰা সৃষ্টি হোৱা এমপক্স ভাইৰাছক মধ্য আৰু পশ্চিম আফ্ৰিকাৰ স্থানীয় ৰোগ হিচাপে গণ্য কৰা হয়। এমপক্সৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই আকস্মিক পুঁজিৰ পৰা ১৪.৫মিলিয়ন মাৰ্কিন ডলাৰ মুকলি কৰিছে পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে। সাৱধান হওক। এমপক্স ভাইৰাছক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই। উপযুক্ত সাৱধানতা অৱলম্বন, সংক্ৰমিত ব্যক্তিৰ পৰা আঁতৰি থকাটো অতি নিৰাপদ

assamdnortheasthealthIndiaMPox
Comments (0)
Add Comment