“টি ২০ ক্ৰিকেট আৰু ভাৰত” ।

২০০৩ চনত ইংলেণ্ডত ইংৰাজসকলে অনুষ্ঠিত কৰা County মেচৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছিলT-20 বিশ্বকাপৰ। ২০০৫ চনত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে T-20 ক্ৰিকেটক স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতিৰ দ্বাৰা আন্তৰ্জাতিক পৰ্যায়ত ভুমুকি মাৰে টি-২০ ক্ৰিকেটে। এই ক্ষুদ্ৰ সংস্কৰণটিৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ বাবে আই চি চিয়ে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছিল টি-২০ বিশ্বকাপৰ। সেয়া আছিল চন ২০০৭। দেশবাসীৰ বাবে আছিল এক ঐতিহাসিক দিন।ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হ’ল।

টি-২০ ক্ৰিকেটৰ উদ্বোধনী সংস্কৰণ ভাৰতৰ দখলত । চমকপ্ৰদ প্ৰদৰ্শনেৰে প্ৰজ্জ্বলিত হৈ উঠিছিল ভাৰত ।

বিশ্ব ক্ৰিকেটত টি-টুৱেণ্টি ক্ৰিকেটৰ জনপ্ৰিয়তা অপৰিসীম । আই চি চি টি-20 বিশ্বকাপৰ প্ৰথম season অনুষ্ঠিত হৈছিল 2007 চনত ৷ দক্ষিণ আফ্ৰিকাত আয়োজিত উদ্বোধনী বৰ্ষৰ বিশ্বকাপৰ খিতাপ আজুৰি আনিছিল ভাৰতীয় ক্ৰিকেট দলে। নতুনকৈ অধিনায়কৰ দায়িত্ব লাভ কৰা মহেন্দ্ৰ সিং ধোনীৰ বাবে সেয়া আছিল প্ৰথমটো সফলতা । ভাৰত-পাকিস্তানৰ মেচ বুলিলেই এক স্নায়ু যুঁজ, মন আৰু মগজুৰ তীব্ৰ আলোড়ন । তাতে যদি ফাইনেল হয়, কথা আৰু বেলেগ । ধোনীৰ নেতৃত্বত মেন ইন ব্লুৱে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি খিতাপ জয় কৰিছিল । এই খেলখনে ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ আৰম্ভণি চিহ্নিত কৰিছিল । পৰৱৰ্তী সময়ত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে 2011 চনত এদিনীয়া বিশ্বকাপ আৰু 2013 চনত আই চি চি চেম্পিয়নছ ট্ৰফীও জিকিছিল । ধোনী ক্ৰিকেট ইতিহাসৰ প্ৰথম আৰু একমাত্ৰ অধিনায়ক, যিয়ে তিনিওটা ফৰ্মেটতে আই চি চি-ৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে ।২০০৭ চনৰ বিশ্বকাপৰ অন্যতম নায়ক এই যোগীন্দৰ শৰ্মা। পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলৰ শেষ অভাৰত কৰা তেওঁৰ বলিঙক এতিয়াও মনত পেলায় ক্রিকেটপ্রেমীসকলে। তেওঁৰ প্ৰদৰ্শনৰ বাবেই শেষ হাঁহি মাৰে মহেন্দ্র সিং ধোনী বাহিনীয়ে । বীৰেন্দ্ৰ সেহৱাগ,  গৌতম গম্ভীৰ, যুৱৰাজ সিং, ধোনী, দীনেশ কাৰ্তিক, ৰোহিত শৰ্মা, ৰবীন উথাপ্পা, পীয়ুষ চাওলা, ইৰফান পাঠান, হৰভজন সিং আদিৰ দৰে সেই সময়ৰ তৰুণ ক্ৰিকেটাৰে জোহান্সবাৰ্গত পাকিস্তানৰ মুখৰ পৰা আজুৰি আনিছিল বিশ্বকাপৰ ট্ৰফী ।

assamcricketd north eastMahendra Singh DhonisportsTeam India
Comments (0)
Add Comment