দুৰ্গা দেৱীৰ ৯টা ৰূপ আৰু ইয়াৰ মহত্ব

আজিৰ পৰা আৰম্ভ হ’ল শাৰদীয় নৱৰাত্ৰি। নৱৰাত্ৰিৰ সময়চোৱাত মা দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰা হয়। দুৰ্গা দেৱীৰ ৯টা ৰূপ কি কি আৰু এই ৰূপসমূহৰ মহত্বৰ বিষয়ে আপুনি জানেনে?

দুৰ্গা মাৰ প্ৰথমটো ৰূপ হৈছে শৈলপুত্ৰী। নৱৰাত্ৰিৰ প্ৰথমদিনা মা শৈলপুত্ৰীক পূজা কৰা হয়। পাৰ্বতীয়েই হৈছে শৈলপুত্ৰী। তেওঁ আছিল পৰ্বতৰাজ হিমৱান আৰু তেওঁৰ পত্নী মেনাৱতীৰ জীয়ৰী। তেওঁক সতী, ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়।

আনহাতে, দুৰ্গা মাৰ দ্বিতীয়টো ৰূপ হৈছে ব্ৰহ্মচাৰিণী। ব্ৰহ্মচাৰিণী অৰ্থাৎ যেতিয়া তেওঁ তপস্যাৰ জৰিয়তে শিৱক বিচাৰি পাইছিল। শিৱৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাই একমাত্ৰ ইচ্ছা আছিল তেওঁৰ।

তৃতীয়টো ৰূপ হৈছে চন্দ্ৰঘন্টা। মূৰত চন্দ্ৰ আকৃতিৰ তিলক থকা বাবে দেৱী মাৰ তৃতীয়টো ৰূপক চন্দ্ৰঘন্টা বুলি কোৱা হয়।

চতুৰ্থ ৰূপটো হ’ল কুশমাণ্ডা। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ শক্তি অৰ্জন কৰাৰ বাবে তেওঁক কুশমাণ্ডা বুলি কোৱা হৈছিল। প্ৰতিগৰাকী মহিলাই এগৰাকী জন্মদাতা মহিলা। প্ৰত্যেক মহিলাৰ পেটত বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ শক্তি আছে। সেইবাবে তেওঁৰ চতুৰ্থটো ৰূপক কুশমাণ্ডা বুলি কোৱা হয় ।

দেৱী দুৰ্গাৰ পঞ্চমটো ৰূপ হৈছে স্কন্দমাতা । মা পাৰ্বতীৰ পুত্ৰ কাৰ্তিকৰ অন্য এটি নাম হৈছে স্কন্দ। সেই বাবে তেওঁক স্কন্দৰ মাতৃ বা স্কন্দমাতা বুলি কোৱা হয়। ষষ্ঠ ৰূপক কাতিয়ানী বুলি জনা যায়। ইয়াৰ কাৰণ হৈছে – যজ্ঞৰ জুইত ভষ্মীভূত হোৱাৰ পিছত মহৰ্ষি কাত্যনীৰ তপস্যাৰ বৰদানত তেওঁ কন্যা হিচাপে জন্ম গ্ৰহণ কৰিছিল। যাৰ বাবে তেওঁক কাতিয়ানী বুলি কোৱা হয়।

দেৱীৰ সপ্তমটো ৰূপ হ’ল কালৰাত্ৰি । পৃথিৱীৰ সকলো সংকট বিনাশ কৰি সকলোকে ৰক্ষা কৰে মা পাৰ্বতীয়ে। সেয়েহে ইয়াক কালৰাত্ৰি বুলি কোৱা হয়।

মহাগৌৰী হৈছে দেৱীৰ অষ্টমটো ৰূপ। কঠোৰ তপস্যাৰ ফলত দেৱীৰ বৰণ ক’লা হৈ পৰিছিল আৰু সেই তপস্যাৰ বাবে শিৱ সন্তুষ্টও হৈছিল। তপস্যা শেষ কৰি গংগাৰ পবিত্ৰ পানীৰে যেতিয়া নিজৰ শৰীৰ ধুইছিল তেতিয়া তেওঁ বিদ্যুৎ প্ৰভাৰ দৰে উজ্জ্বল হৈ পৰিছিল। সেই বাবে তেওঁৰ অষ্টমটো নাম মহাগৌৰী।

দেৱীৰ অন্তিম অৰ্থাৎ নৱমটো ৰূপ হৈছে সিদ্ধিদাত্ৰী। মা দুৰ্গাক উপসনা কৰা ভক্তক সকলো ধৰণৰ সফলতা প্ৰদান কৰা হয় বাবে তেওঁক সিদ্ধিদাত্ৰী বুলি কোৱা হয়। শাৰদীয় দুৰ্গা পূজাৰ নৱম দিনা সিদ্ধিদাত্ৰীৰ ৰূপত ’মা’ৰ উপাসনা কৰা হয় ৷

assamCulturednortheastDurga PujaFestival
Comments (0)
Add Comment