আজি অসমীয়া ব্যংগ-সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন ।

মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জন্ম বাৰ্ষিকী।

১৮৬৪, ১৪ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰে লক্ষ্মীনাথ বেজবৰুৱাদেৱে । তেওঁৰ জন্মৰ আঁৰতো আছে এক অনন্য কাহিনী ।

লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল। এবাৰ ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল। সেইসময়ত আজিকালিৰ দৰে যানবাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল। সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা। গধূলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল। দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ লওতে গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে। এই সন্তানটিয়েই হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।

পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়। আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই আটাইতকৈ বেছি । অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে তেওঁৰ দখল আছিল। কবিতা,গল্প,উপন্যাস, ৰচনা,সমালোচনা সাহিত্য,সাধুকথা আদি সকলো বিভাগতে তেওঁ নিজৰ অৱদান আগবঢ়াই গৈছে। কৰ্মজীৱনৰ আহুকলীয়া পৰিস্থিতিৰ প্ৰতিকূলতাৰ মাজতো তেওঁ সাহিত্য সৃষ্টি কৰি গৈছিল। নিজ মাতৃভাষাৰ উন্নতিৰ বাবে তেওঁ সাহিত্য সৃষ্টিক এক প্ৰত্যাহ্বান হিচাবে লৈছিল।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ব্যংগ-সাহিত্য সৃষ্টিৰ বাবে বিভিন্ন ছদ্মনাম গ্ৰহণ কৰিছিল। তেওঁ কৃপাবৰ বৰবৰুৱা ছদ্মনামত অসংখ্য হাস্যাত্মক ৰচনা লিখি থৈ গৈছে – “কৃপাবৰ বৰুৱাৰ ওভতনি”, “বৰবৰুৱা বুলনি”, “কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি” , “বৰবৰুৱাৰ চিন্তাৰ শিলগুটি” “বৰবৰুৱাৰ সাহিত্যিক ৰহস্য” আৰু “কৃপাবৰ বৰুৱাৰ সামৰণি”। অসমীয়া মানুহক হাস্য ব্যংগ ৰচনাৰে হহুঁৱাব পৰা তেতিয়া এজনেই লোক আছিল। বুদ্ধিদীপ্ত মন্তব্য, নিৰ্দোষ হাস্যৰস আৰু স্থান বিশেষে কটু ব্যঙ্গ, বেজবৰুৱাৰ নিবন্ধাৱলীৰ সমন্বয়ত গঢি উঠা এগৰাকী প্ৰবল আশাবাদী, হাসোদ্দীপ্ত ব্যক্তিৰ স্বাক্ষৰ এই প্ৰবন্ধ সমূহে বহন কৰে।

বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত ১৯৩৭ চনৰ ১৮ আগষ্টত অসমলৈ ঘূৰি আহে। ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড় চহৰত নিজ জীয়ৰীৰ ঘৰত লক্ষ্মীনাথ বেজবৰুৱাদেৱে দেহাৱসান ঘটে।

assamdnortheastLakhinath BezbaruahLiteraturePoet
Comments (0)
Add Comment