সকলোকে বিস্ময়েৰে বিস্মিত কৰি অজান দেশলৈ গতি কৰিলে শশী ফুকনে

আপোনালোকৰ ‘বিস্ময়’ নামৰ আলোচনীখন মনত আছেনে বাৰু! আজিৰ চ’চিয়েল মিডিয়া, ইউটিউব, টিভি সকলো এটা সময়ত আমি বিস্ময় আলোচনীৰ মাজতে পাইছিলো।চাচপেঞ্ছ, ক্রীড়া, বলিউদ, হলিউদ সকলো ক্ষেত্রতে আমাক ল’ৰালি কালতে চিনাকি কৰি দিয়া বিস্ময় আলোচনীৰ প্ৰতিস্থাপক সম্পাদক শশী ফুকনৰ পৰলোকপ্ৰাপ্তি হোৱা খবৰটোৱে শৈশৱৰ প্ৰতি নষ্টালজিক কৰি তুলিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ বিশিষ্ট সাহিত্যিকগৰাকী।৭৮ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট সাহিত্যিকগৰাকীৰ। অসমীয়া সাহিত্য জগতলৈ এক অপূৰণীয় ক্ষতি।

বিস্ময়, এখন আলোচনীয়ে নহয়, আছিল আবেগ। নব্বৈৰ দশকত চাগে কোনো এটা ঘৰ নোলাব, য’ত এখন বিস্ময় নাই। সেয়া পুৰণি য়ে হওঁক বা নতুনেই হওঁক। বিস্ময়ক লৈ সৃষ্টি হৈছে বহু উপন্যাস, বহু কাহিনী। এক ব্যতিক্রমী মাদকতাৰে বিস্ময়ৰ সৃষ্টি আছিল সঁচাকৈ বিস্ময়কৰ। তেতিয়াৰ পৰাই শশী ফুকন নামটো সকলোৰে হৃদয়ত বাহ লৈছিল। আজি শশী ফুকনৰ মৃত্যুৱে সেইকাৰণেই সকলোকে শোকাভিভুত কৰিছে।

শশী ফুকনে অসমীয়া সাহিত্য-সংবাদ জগতত তেওঁৰ বিস্ময় আলোচনীৰে সঁচাকৈয়ে বিস্ময়ৰ সৃষ্টি কৰিছিল। এখন আলোচনীৰে তেওঁ অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰিছিল,সেয়া আছিল বিস্ময়ৰ যুগ।নৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় এই আলোচনীখনত নাছিল কি? দেশ-বিদেশৰ খৱৰৰ পৰা আৰম্ভ কৰি সাহিত্যৰ সকলো জনপ্ৰিয় ৰচনাৰ লগতে মনোৰঞ্জনৰ অপূৰ্ব সমাহাৰ। প্ৰথমবাৰৰ বাবে এখন অসমীয়া আলোচনী হিচাপে বিস্ময়ে ইয়াৰ প্ৰচলনৰ সংখ্যা ১ লাখ অতিক্ৰম কৰিছিল।কৌতুকৰ পৰা আৰম্ভ কৰি ৰহস্যমূলক, থ্ৰিলাৰ, ৰোমান্টিক গল্প-উপন্যাস, চিনেমা, মডেলিং, খেল আদিকে ধৰি সকলো বিষয় সামৰি  লৈছিল বিস্ময়ে।অসমীয়া সাহিত্য-সংবাদ জগতত বিস্ময় যুগৰ স্ৰষ্টাগৰাকী সদায় স্মৰণীয় হৈ ৰ’ব।শশী ফুকনৰ মৃত্যুত বিভিন্ন শিল্পী-সাহিত্যিক, নেতা-সাংবাদিককে ধৰি অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাইছে।

assamdnortheastLiterature
Comments (0)
Add Comment