ৰাজহুৱা হ’ল ৰতন টাটাৰ ইচ্ছাপত্ৰ

মানুহৰ বাবে জীয়াই থকা মানুহজন নাইকিয়া হোৱাৰ প্ৰায় এটা পষেক পাৰ হ’ল । কেৱল দেশৰে নহয়, বিশ্বৰ এক কিংবদন্তি উদ্যোগপতি আছিল ৰতন টাটা । ৯ অক্টোবৰৰ নিশা ১১.৩০ বজাত মুম্বাইৰ ৮৬ বছৰ বয়সত ৰতন টাটাই ইহলীলা সম্বৰণ কৰে । টাটাৰ মৃত্যুৰ পিছতেই বিশেষভাৱে চৰ্চা লাভ কৰা বিষয়টো হ’ল ৰতন টাটাৰ বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ’ব । কিয়নো ৰতন টাটাৰ নাছিল কোনো সন্তান, নাছিল পৰিবাৰ । কিন্তু শেহতীয়াকৈ টাটা গ্ৰুপৰ ফালৰ পৰা ৰাজহুৱা কৰা হৈছে ৰতন টাটাৰ ইচ্ছাপত্ৰ । এই ইচ্ছাপত্ৰ অনুসৰি তেওঁৰ ব্যক্তিগত সম্পত্তি বিভিন্নজনৰ নাম কৰি থৈ গৈছে ।

দুৰ্গাপূজাৰ আনন্দ-উলাহৰ মাজতে দেশৰ ঔদ্যোগিক খণ্ডৰ এক বিশিষ্ট স্তম্ভ, আৰ্থ-সামাজিক ক্ষেত্ৰৰ এগৰাকী কৰ্ণধাৰ আৰু আধুনিক ভাৰতৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা ৰতন টাটাই এই ধৰাৰ মায়া এৰি চিৰবিদায় মাগিছিলে । ৰতন টাটাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০হাজাৰ কোটি । তেওঁ মৃত্যুৰ পূৰ্বেই নিজৰ ব্যক্তিগত সম্পতিৰ এখন উইল প্ৰস্তুত কৰি থৈ গৈছে । তেওঁৰ এই উইলখন যাতে সঠিক আৰু সূচাৰুৰূপে কাৰ্যকৰী হয়, তাৰ বাবে তেওঁ ভগ্নী ছিৰিণ আৰু ডাইনা, অধিবক্তা দাৰিয়াছ খাম্বাটা আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু মেহলি মিস্ত্ৰিক দায়িত্ব দি থৈ গৈছে । প্ৰায় ১০ হাজাৰ কোটি টকাৰ অধিকাৰী ৰতন টাটাই কেৱল ভাই-ভনীৰ বাবেই নহয়, তেওঁৰ ব্যক্তিগত পৰিচাৰক আৰু জাৰ্মান শ্বেফাৰ্ড টিটোৰ বাবেও এটা অংশ এৰি থৈ গৈছে। টাটাই উইলত তেওঁৰ কাৰ্যবাহী সহায়ক শান্তনু নাইডুক দিয়া ঋণ ৰেহাই দিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি তেওঁ ভাতৃ জিমি টাটা, ভগ্নী শ্বিৰিন আৰু ডিয়ানা জীজাভয়, হাউছষ্টাফ আদিৰ নামত সম্পত্তি উইল কৰি থৈছে। টাটাৰ ৰান্ধনী ৰাজন আৰু বহু বছৰ ধৰি টাটাক সেৱা আগবঢ়োৱা তেওঁৰ ব্যক্তিগত পৰিচাৰক সুব্বিয়াৰৰ নামো তেওঁৰ উইলত সন্নিৱিষ্ট কৰিছে ।  উল্লেখযোগ্য যে তেওঁৰ এই উইলত স্থান লাভ কৰিছে তেওঁৰ পোহনীয়া জাৰ্মান চেফাৰ্ড প্ৰজাতিৰ কুকুৰ টিটোৱে । পশুপ্ৰেমী ৰতন টাটাই তেওঁৰ সম্পত্তিৰ এটা অংশ তেওঁৰ পোহনীয়া কুকুৰ টিটোৰ বাবেও ৰাখি থৈ গৈছে যাতে টাটাৰ মৃত্যুৰ পাছতো টিটোয়ে আমৃত্যু সকলো ধৰণৰ সা-সুবিধা লাভ কৰে । টাটাৰ বিশেষ বন্ধু শান্তনু নাইডুৰ বাবেও টাটাই এক বিশাল সম্পত্তি ৰাখি থৈ গৈছে । ৰতন টাটাই তেওঁৰ কাৰ্যবাহী সহায়ক শান্তনু নাইডুৰ কম্পেনিয়নশ্বিপ ভেঞ্চাৰ গুডফেল’ছতো বিনিয়োগ কৰিছিল। উইলত টাটাই গুডফেলোছৰ অংশীদাৰিত্ব ত্যাগ কৰি নাইডুৱে বিদেশত পঢ়াৰ বাবে লোৱা ঋণ ৰেহাই দিছে।

ৰতন টাটাৰ ১০ হাজাৰ কোটি টকাৰ উইল অনুসৰি তেওঁৰ সম্পত্তিৰ ভিতৰত মুম্বাইৰ জুহু তাৰা পথৰ দুমহলীয়া ঘৰ, আলিবাগত ২০০০ বৰ্গফুটৰ বিচ বাংলো। তেওঁৰ ফিক্সড ডিপ’জিট ৩৫০ কোটি টকাতকৈ অধিক আৰু ১৬৫ বিলিয়ন ডলাৰৰ টাটা গ্ৰুপৰ হোল্ডিং কোম্পানী, টাটা ছন্সৰ ০.৮৩% অংশীদাৰিত্ব আছে বুলি এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। বাকী ৰৈ যোৱা সম্পত্তি তেওঁ টাটা ফাওণ্ডেশ্বনক দান কৰি থৈ গৈছে ।

assamdnortheastIndustrialistratan tata
Comments (0)
Add Comment