অব্যাহত আছে মধ্য প্ৰাচ্যৰ ভয়াবহ যুদ্ধ। দীৰ্ঘদিন ধৰি চলি থকা ইৰাণ ইজৰাইলৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ। একেদৰে এইবাৰ ইজৰাইলৰ ওপৰত এক মাৰাত্মক আক্ৰমণৰ পৰিকল্পনা কৰিছে ইৰাণে।ইৰাণে নিজৰ ভূমিত হোৱা আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ইজৰাইলৰ বিৰুদ্ধে এক ডাঙৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে, আৰু আশা কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগতে এই আক্ৰমণ সংঘটিত হ’ব।জানিব পৰা মতে ৫ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ইৰাণে নিজৰ ভূখণ্ডত আক্ৰমণ চলাব। আনহাতে এক প্ৰতিবেদনত ইজৰাইলৰ চোৰাংচোৱাই সদৰি কৰা মতে লেবাননৰ পৰা ইৰাণে আক্ৰমণ নকৰিব বুলি তথ্য পোৱা গৈছে, কিন্তু ইয়াৰ পৰিৱৰ্তে ইৰাকৰ পৰা আক্ৰমণ আৰম্ভ কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে। আনহাতে বিগত কিছুদিন পূৰ্বে ইজৰাইলে ইৰাণত আক্ৰমণ কৰিছিল আৰু ইৰাণৰ সামৰিক ঘাটিসমূহ ধ্বংস কৰিছিল।ইজৰাইলে জানিব দিয়া মতে ইজৰাইলে ৰিভলিউচনৰী গাৰ্ডৰ সামৰিক ঘাটিসমূহ ধ্বংস কৰিছিল, য’ত বেলিষ্টিক মিছাইল নিৰ্মাণ কৰা হয়।উল্লেখযোগ্য যে উত্তৰ ইজৰাইলত হিজবুল্লাৰ দুটা পৃথক ৰকেট আক্ৰমণত সাতজন ইজৰাইলী লোকৰ মৃত্যু হয়।হিজবুল্লাই নিক্ষেপ কৰা ৰকেট আক্ৰমণত এজন ইজৰাইলী কৃষকসহ পাঁচজন বিদেশী শ্ৰমিকৰ থিতাতে মৃত্যু হয়।