দীপান্বিতাত ৰাম জন্মভূমি অযোধ্যাত দুটাকৈ গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড

সমগ্ৰ দেশতে দীপাৱলীৰ উছাহ । অযোধ্যাত আৰম্ভ হৈছে পোহৰৰ উৎসৱ। এইবাৰ উদযাপন কৰা দীপাৱলী উপলক্ষে আটাইতকৈ ডাঙৰ  হৈছে অযোধ্যাৰ দীপাৱলী। জানুৱাৰী মাহত ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অযোধ্যাত উদযাপন কৰা হৈছে দিপাৱলী।এইবাৰ ভগৱান শ্ৰীৰামৰ জন্মস্থান অযোধ্যাত ২৫ লাখৰো অধিক চাকি প্ৰজ্বলন কৰি এক নতুন অভিলেখ সৃষ্টি হৈছে। অযোধ্যাৰ সৰ্যুৰ পাৰত একেলগে ১১২১ জন লোকে আৰতি পৰিবেশন কৰি একেলগে ২৫ লাখ ১২ হাজাৰ ৫৮৫ টা লেম্প জ্বলাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।একে সময়তে ১ হাজাৰ ১২১ জন লোকে একেলগে সৰ্যু আৰতি কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। এইদৰেই ৰামনগৰী এটা ইভেণ্টত একেলগে দুটা বিশ্ব অভিলেখৰ সাক্ষী হৈ পৰিল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰে।

অযোধ্যাৰ সৰ্যু ঘাটত অব্যাহত আছে লেজাৰ আৰু লাইট শ্ব’। ঘাটটো লেম্প আৰু ৰঙীন পোহৰেৰে আলোকিত কৰা হৈছে, আনহাতে ৰামলীলাক চাউণ্ড-লাইট শ্ব’ৰ জৰিয়তে বৰ্ণনা কৰা হয়।উত্তৰাখণ্ডৰ ৰামলীলাৰ লগতে ছয়খন দেশ- ম্যানমাৰ, নেপাল, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া আৰু ইণ্ডোনেছিয়াৰ শিল্পীসকলে ৰামলীলাৰ মঞ্চায়ন কৰি দীপোৎসৱৰ মঞ্চৰ পৰা শ্ৰীৰামক বিশ্বব্যাপী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। নেপালী শিল্পীয়ে মঞ্চস্থ কৰে ৰাম বিবাহ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অযোধ্যাৰ দিপোৎসৱক আচৰিত, অতুলনীয় আৰু অকল্পনীয় বুলি অভিহিত কৰিছে।

প্ৰতি বছৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অযোধ্যা দীপোৎসৱে। ২০১৭ চনত উত্তৰ প্ৰদেশত যোগী আদিত্যনাথ চৰকাৰ গঠন হোৱাৰ পিছত অযোধ্যাৰ পৰ্যটন উন্নয়নৰ বাবে দীপোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এতিয়া প্ৰতি বছৰে নিজস্ব অভিলেখ ভংগ কৰি আছে অযোধ্যাৰ দীপাৱলীয়ে। যোৱা বছৰৰ দীপোৎসৱত ২২ লাখ ২৩ হাজাৰ চাকি জ্বলাই বিশ্ব অভিলেখ গঢ়িছিল।

assamAyodhyaCultureDipawalidnortheastFestival
Comments (0)
Add Comment