বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান

যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে সকলোৰে আদৰৰ শিল্পী গৰাকীয়ে । আকাশবাণী, চলচ্চিত্ৰ আৰু সৰু পৰ্দাৰ প্ৰবীণ অভিনেতা শ্ৰদ্ধাৰ কুলদা কুমাৰ ভট্টাচাৰ্যদেৱৰ প্ৰয়াণ । বলিষ্ঠ কণ্ঠৰ অধিকাৰী ভট্টাচাৰ্যদেৱ আছিল এগৰাকী সু-আবৃত্তিকাৰ আৰু তথ্যচিত্র পৰিচালকো ৷ বহুকেইখন অসমীয়া চিনেমা, আকাশবাণীৰ নাটককে ধৰি মঞ্চ অভিনয়তো দক্ষতাৰ পৰিচয় দি অভিনয়প্ৰেমীৰ হৃদয়ত বিশেষ আসন দখল কৰা ভট্টাচাৰ্যদেৱৰ মহাপ্ৰয়াণত অসমৰ সাংস্কৃতিক জগতখনত পূৰাব নোৱৰা ক্ষতি হ’ল৷

নাট্যক্ষেত্ৰৰ মহীৰুহ আছিল কুলদা কুমাৰ ভট্টাচাৰ্য্য। অসমৰ অপেছাদাৰী নাট্যক্ষেত্ৰলৈ প্ৰভূত অৰিহণা আগবঢ়াই থৈছে প্ৰয়াত অভিনেতা গৰাকীয়ে।কুলদা কুমাৰ ভট্টাচাৰ্য্য অসমৰ এগৰাকী প্ৰখ্যাত অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক আছিল।১৯৩৩ চনত জন্মগ্ৰহণ কৰা কুলদা কুমাৰ ভট্টাচাৰ্য্যই শৈশৱৰ পৰাই নাটক আৰু আবৃত্তিৰ প্ৰতি থকা টানৰ বাবে মাত্ৰ ছয় বছৰ বয়সতে তেওঁ মঞ্চত ভৰি থৈছিল। ইফালে কলেজত পঢ়ি থকা সময়তে তেওঁ হেমাংগ বিশ্বাসৰ নেতৃত্বত ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে। চিনেমাৰ লগতে দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল কুলদা কুমাৰ ভট্টাচাৰ্য্যই। ১৯৬০ চনত তেওঁ ‘অসম জাতীয় নাট্যশালা’ প্ৰতিষ্ঠা কৰিছিল।গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ’ নাট ‘পৰশুৰাম’ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল শিল্পীগৰাকীয়ে। প্ৰখ্যাত নাট্যকাৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়া, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ আদিৰ সৈতে লগ লাগি তেওঁ ৰেডিঅ’ নাটক, ভ্ৰাম্যমাণ নাটকৰ ক্ষেত্ৰতো এক বিপ্লৱৰ সূচনা কৰিছিল। তেখেতে ৩৫ খনতকৈও অধিক তথ্যচিত্ৰ আৰু ছুটী ছবিও নিৰ্মাণ কৰিছিল। তেখেত আছিল  ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান,জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠাপক সঞ্চালক। শেহতীয়াকৈ কুলদা কুমাৰ ভট্টাচাৰ্য্যই ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে সন্মান লাভ কৰিছিল। হাতীবন্ধু ছবিখনৰ ধাৰাভাষ্যকাৰ হিচাপে তেওঁ এই সন্মান লাভ কৰিছিল।

প্ৰখ্যাত অভিনয় শিল্পীগৰাকীৰ অসমৰ সাংস্কৃতিক জগতখনলৈ অৱদান উত্তৰসুৰীয়ে যুগে যুগে স্মৰণ কৰিব৷ তেখেতৰ পুণ্য আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক, সেয়াই ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷

ArtistassamCulturaldnortheast
Comments (0)
Add Comment