ক্ৰমাত আয়ুস টুটি আহিছে পৃথিৱীৰ l পৃথিৱীৰ উষ্ণতা হ’বগৈ ৭০ ডিগ্ৰী l এই ভয়াৱহ আগজাননী জাৰি ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানীৰ l পৃথিৱীত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ l পৃথিৱীৰ এনে অৱস্থাৰ বাবে আচলতে দায়ী কোন?
পৃথিৱীত গোলকীয় উষ্ণতাই লৈছে ভয়ংকৰ ৰূপ।বিজ্ঞান প্ৰযুক্তিৰ চমকপ্রদ অগ্রগতিয়ে মানৱ সমাজৰ দ্রুত উন্নয়নৰ সমান্তৰলভাৱে সৃষ্টি হোৱা গোলকীয় উষ্ণতাৰ বিভীষিকাই পৃথিৱীৰ সমগ্ৰ জীৱ কুলকেই ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। গোলকীয় উষ্ণতাৰ প্ৰভাৱত পৃথিৱীত বর্ধিত তাপ-মাত্রাই এনে ৰূপ ল’বলৈ আগবাঢ়িছে যে এটা সময়ত ৭০ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে তাপমাত্রা।এই ভয়ংকৰ পৰিস্থিতিৰ বাবে আচলতে জগৰীয়া মানৱ জাতি।মানুহৰ অবিবেচকী কাণ্ডৰ বাবে বিশ্বত অভাৱনীয় হাৰত বৃদ্ধি হোৱা গোলকীয় উষ্ণতাই মানৱ জাতিৰ লগতে জীৱকুললৈ অশনি সংকেত কঢ়িয়াই আনিছে।অনিয়ন্ত্রিত ‘বৃক্ষ নিধন’কে ধৰি বিভিন্ন কাৰণত এই গোলকীয় উষ্ণতা বৃদ্ধি অহৰহ হৈ আছে।পাৰাস্তম্ভই ৭০ ডিগ্রী চেলছিয়াছত উপনীত হ’লে এক অগ্নিকুণ্ড সদৃশ তাপমাত্ৰাই আৱৰি পেলাব সেউজ পৃথিৱীখনক।যাৰ ফলত পৃথিৱীত কোনো ধৰণৰ জীৱৰেই অস্তিত্ব নাথাকিব।গোলকীয় উষ্ণতাৰ প্ৰভাৱত পৃথিৱীত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা দ্রুতগতিত বৃদ্ধি পোৱাটোও পৃথিৱী ধ্বংসৰ আন এক গুৰুতৰ কাৰণ হিচাপে বিবেচিত হৈছে।পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা অগ্নেয়গিৰিসমূহৰ পৰা অস্বাভাৱিকভাৱে বর্ধিত মাত্ৰাত কার্ডন-ডাই-অক্সাইড নির্গত হ’বলৈ ধৰিব। তেতিয়া পৃথিৱীত মানুহকে ধৰি জীৱ-কুলৰ বাবে শ্বাস-প্রশ্বাস লোৱাটো ক্ৰমাৎ কঠিন হৈ পৰিব অৰ্থাৎ ক্রমান্বয়ে শ্বাস-প্রশ্বাসত একেবাৰে অনুপযোগী হৈ পৰিব পৃথিৱীখন। উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে লোৱা দীঘলীয়া পুখুৰীৰ পাৰৰ গছ কতা সিদ্ধান্তত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। অৰ্থাৎ গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছে যদি নাথাকে তেন্তে আমাৰ মানৱ জাতি জীয়াই থকাৰ অস্তিত্ব ক’ত?