ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি ।
ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট কোহলীয়ে ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শনেৰে বিজয়ী ইনিংছ খেলি সকলোৰে প্ৰিয় হৈ পৰিছে। আজি অৰ্থাৎ ৫ নৱেম্বৰ কোহলীৰ অনুৰাগীৰ বাবে এটা ডাঙৰ দিন হ’ব। এই বিশেষ দিনটোত ভাৰতীয় দলৰ কোটি কোটি অনুৰাগীৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰসকলে বিৰাট কোহলীক অভিনন্দন জনায়। বিৰাট কোহলী এনে এজন খেলুৱৈ, যিয়ে শ্মশানত দেউতাকৰ মৃতদেহ মুখাগ্নি কৰি পিছদিনা ৰঞ্জী ট্ৰফী খেলিছিল আৰু সেই খেলত খেলখনত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল । পত্নী অনুষ্কা আৰু দুটি সন্তানেৰে এখন সুখৰ সংসাৰ আছে এই তাৰকা খেলুৱৈগৰাকীৰ ।
তেওঁ এদিনীয়া শৃংখলাত সৰ্বাধিক ৰাণৰ অভিলেখ নিজৰ নামত কৰিছে । এদিনীয়া শৃংখলাত কেৰিয়াৰৰ সৰ্বাধিক অৰ্ধশতক, এটা দলৰ বিৰুদ্ধে সৰ্বাধিক শতক আদি অভিলেখ নিজৰ নাম কৰি ৰাখিছে । তেওঁ একাধাৰে এদিনীয়া শৃংখলাত সৰ্বাধিক ৮০০০ ৰাণ সংগ্ৰহকাৰী, সৰ্বাধিক ৯০০০ ৰাণ সংগ্ৰহকাৰী, সৰ্বাধিক ১০০০০ ৰাণ সংগ্ৰহকাৰী, সৰ্বাধিক ১১০০০ ৰাণ সংগ্ৰহকাৰী, সৰ্বাধিক ১২০০০ ৰাণ সংগ্ৰহকাৰী আৰু সৰ্বাধিক ১৩০০০ ৰাণ সংগ্ৰহকাৰী হিচাপে নিজৰ নাম খোদিত কৰি ৰাখিছে । ঠিক একেদৰে টি-২০ কেৰিয়াৰতো তেওঁ সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। টি-২০ত দ্ৰুততম ৩৫০০ ৰাণ সংগ্ৰহকাৰী হিচাপেও তেওঁ অভিলেখ সৃষ্টি কৰি থৈছে । টি-২০ শৃংখলাত সৰ্বাধিক PLAYER OF THE SERIES ৰ সন্মান লাভ কৰা খেলুৱৈ হিচাপেও তেওঁৰ এক সুকীয়া অভিলেখ আছে ।
পদ্মশ্ৰী , খেলৰত্ন , অৰ্জুন বঁটাৰ পৰা আৰম্ভ কৰি দশকৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু অন্য ভিন ভিন বঁটাৰে সন্মানিত হোৱা খেলুৱৈজনৰ জন্মদিন আজি । ক্ৰিকেটৰ একছত্ৰী সম্ৰাট গৰাকীলৈ আমাৰ ফালৰ পৰাও জনালো জন্মদিনৰ অলেখ অযুত শুভেচ্ছা ।