আজিৰ পৰা ৰাজ্যত মাতৃ-পিতৃ বন্দনা

আজিৰ পৰা ৰাজ্যত মাতৃ-পিতৃ বন্দনা

ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটীৰ দিন ধাৰ্য্য কৰা হৈছে । অৱশ্যে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ আৰু ১০ নৱেম্বৰৰতো বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলে পৰ্যায়ক্রমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। আনহাতে, বিষয়া-কৰ্মচাৰীসকলে পিতৃ-মাতৃ আৰু শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন বা আন কোনো সময়ত এই ছুটীৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি সামাজিক মাধ্যমযোগে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষা বিভাগৰ অধীনস্থ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ৯ নৱেম্বৰত মাতৃ পিতৃ বন্দনা যোজনাৰ আওতাত বিশেষ ছুটী প্ৰদান কৰা হৈছে।

২০২১ চনত কেবিনেটযোগে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। এই আঁচনিৰ মূল উদ্দেশ্য হ’ল পিত-মাতৃ, শহুৰ- শাহুক সম্পূৰ্ণ পৰিচৰ্যা, শ্ৰদ্ধা-সন্মান প্ৰদৰ্শন কৰা। মাতৃ-পিতৃ বন্দনা আঁচনিৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে নৈমিত্তিক ছুটী। অৱশ্যে মাতৃ-পিতৃ, শহুৰ-শাহু নথকাত এই ছুটী প্ৰযোজ্য নহয়। ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ ছুটীৰ তালিকা অনুসৰণ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰতহে এই ব্যৱস্থা প্ৰযোজ্য। এই বিশেষ ছুটী কলেজ শিক্ষকসকলৰ বাবে প্ৰযোজ্য নহয় কিয়নো কলেজ শিক্ষকসকলে নিজ নিজ বিশ্ববিদ্যালয়ৰ ছুটীৰ অনুসৰণ কৰে । কলেজৰ শিক্ষক আৰু বিশ্ববিদ্যালৰ কৰ্মচাৰীয়ে সাধাৰণতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীতকৈ বেছি ছুটী লাভ কৰে।

assamAssam GovernmentdnortheastGovernment Scheme
Comments (0)
Add Comment